অসমৰ বৃহত্তৰ অৰাজনৈতিক সংগঠন তথা অসমীয়া ভাষা-সাহিত্য উত্তৰণৰ অন্যতম অনুষ্ঠান অসম সাহিত্য সভাৰ অন্তৰ্গত নগাঁও জিলা সাহিত্য সভায়ো এক গৌৰৱময় ক্ষণ অতিবাহিত কৰিছে। নগাঁও জিলা সাহিত্য সভাই এই বৰ্ষত সোণালী জয়ন্তীত উপনীত হৈছে। নগাঁও জিলা সাহিত্য সভাই নগাঁৱৰ ঐতিহ্যপূৰ্ণ নেহৰুবালিৰ সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মা ক্ষেত্ৰত ২ ডিচেম্বৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ মনস্থ কৰিছে। প্ৰকাশিত কাৰ্যসূচী অনুসৰি, পুৱা ৮ বাজি ৪৫ মিনিটত অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰে সমূহ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই। এই পতাকা উত্তোলন অনুষ্ঠানত সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি ৫০ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০ খন পতাকা উত্তোলন কৰা হ'ব। ইয়াৰ পিছতে ৫০ গছ বন্তি প্ৰজ্বলনৰ স্মৃতি তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰিব জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উপেন্দ্ৰ বৰকটকীয়ে। ইয়াৰ পিছত প্ৰবীন মুক্তিযোদ্ধা ৰজনীকান্ত বৰা সোঁৱৰণি হিতৈষী, আজীৱন সভ্যৰ মহামিলন আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ'ব।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰৱজ্যোতি বৰাই উদ্বোধন কৰিব লগা এই অনুষ্ঠানত সন্মানীয়, মুখ্য বক্তা আৰু বিশিষ্ট অতিথি হিচাপে ডঃ পৰমানন্দ ৰাজবংশী, ডঃ নৰেন কলিতা আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা উপস্থিত থাকিব। এই অনুষ্ঠানতে প্ৰাক্তন সাহিত্য সভাৰ প্ৰয়াত সভাপতি, উপ-সভাপতি আৰু সম্পাদকসকলৰ সম্বৰ্ধনা জনোৱা হ'ব। ইয়াৰ পিছতে নেহৰুবালিস্থিত প্ৰণৱ বৰুৱা শিশু উদ্যানত এম ইদ্ৰিছ আলী সোঁৱৰণী কবি সন্মিলন অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত বিশিষ্ট কবি মনজিৎ সিং আৰু অনুভৱ অনুভৱ তুলসী সঞ্চালক আৰু উদ্বোধক হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানৰ পিছতে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই গ্ৰন্থমেলাৰ বিপণিৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছতে সমাজসেৱক নৰেশ্বৰ শৰ্মা বৰুৱা সোঁৱৰণি "কুঁহি অনুষ্ঠান'' অনুষ্ঠিত হ'ব। এই অনুষ্ঠান উদ্বোধন কৰিব নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দ'লেই। এই অনুষ্ঠানৰ পিছতে নিশা গণশিল্পী খগেন মহন্ত সোঁৱৰণি সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব। বিশিষ্ট কবি পদুমি গগৈয়ে বন্তি প্ৰজ্বলন কৰিব লগা অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিব নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা।
আনহাতে, ৩ ডিচেম্বৰত অনুষ্ঠিত হ'ব হৰেশ্বৰ গোস্বামী সোঁৱৰণি বক্তৃতানুষ্ঠান, আকাশ, গীতিকাৰ মলিন বৰা সোঁৱৰণি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি ৪ ডিচেম্বৰত সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, শিক্ষাবিদ বলেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণি সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হোৱাৰ পিছতেই অনুষ্ঠানৰ সমূহ কাৰ্যসূচীৰ সামৰণি হ'ব।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|