নগাঁৱত ভয়াৱহ গতিত বৃদ্ধি পাইছে কোৰোণাৰ সংক্ৰমণ, ৰাইজৰ মাজত নাই সজাগতা
যিমানেই নগাঁৱত কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পাইছে সিমানেই ৰাইজৰ মাজত নাইকীয়া হৈছে সজাগতা।
যিমানেই নগাঁৱত কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পাইছে সিমানেই ৰাইজৰ মাজত নাইকীয়া হৈছে সজাগতা।
- News18 Assam
- Last Updated: April 19, 2021, 9:38 AM IST
বিশেষকৈ চহৰখনৰ ভূঞাপট্টি, ধিং গেট আদি অঞ্চলত অধিকাংশ লোকেই মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে। ইপিনে মাস্ক পৰিধান নকৰিলে চৰকাৰে ১হাজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশনা জাৰি কৰিছে যদিও বৰ্তমানলৈকে নগাঁও জিলা প্ৰশাসনে এইক্ষেত্ৰত কোনোধৰণৰ কঠোৰতা প্ৰদৰ্শন কৰা নাই।
বিগত বৰ্ষটিত নগাঁও জিলাত কোৰোণাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। অসমৰ আটাইতকৈ অধিক কোৰোণা সংক্ৰমিত জিলাসমূহৰ ভিতৰত নগাঁও জিলা আছিল অন্যতম। নগাঁও জিলাৰ সংখ্যালঘূ অধ্যূষিত অঞ্চলসমূহত কোৰোণাৰ সংক্ৰমণ আছিল সৰ্বাধিক। সেইসময়তো সংখ্যালঘূ অধ্যূষিত অঞ্চলসমূহত ক'ৰোণাৰ সংক্ৰমণৰ মূলতে আছিল অসাৱধনতা। এইবেলিও ৰাইজৰ মাজত কোৰোণাক লৈ কোনোধৰণৰ সজাগতা পৰিলক্ষিত নোহোৱা ঘটনাই নগাঁৱত ভয়াৱহ পৰিস্থিতিৰ আগজাননী দিছে।












