নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ দুগৰাকী বিষয়া আৰু তিনিগৰাকী কৰ্মচাৰীসহ মুঠ ৫জনকৈ লোকৰ দেহত ধৰা পৰিছে ক'ৰোণা ভাইৰাছৰ উপস্থিতি
নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ দুগৰাকী বিষয়া আৰু তিনিগৰাকী কৰ্মচাৰীসহ মুঠ ৫জনকৈ লোকৰ দেহত ধৰা পৰিছে ক'ৰোণা ভাইৰাছৰ উপস্থিতি
নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ দুগৰাকী বিষয়া আৰু তিনিগৰাকী কৰ্মচাৰীসহ মুঠ ৫জনকৈ লোকৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ উপস্থিতি। বৃহস্পতিবাৰৰ দিনটোত ক'ভি়ড ১৯ পজিটিভ পোৱা ব্যক্তিকেইগৰাকী ক্ৰমে, ইকবাল আহমেদ(৩১), ছালেহ আহমেদ(৩৪), নিলাভ নয়ণ ডেকা(২৯), দিলদাৰ হুছেইন খান(৪৩) আৰু মৃন্ময় জ্যোতি নাথ(৩৮)।
ইয়াৰে ইকবাল আহমেদ আৰু ছালেহ আহমেদে নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত দণ্ডাধীশ হিচাপে কৰ্মৰত থকাৰ বিপৰীতে আন তিনিগৰাকীক নিম্নবৰ্গৰ সহায়ক বুলি জানিব পৰা গৈছে। আনহাতে নগাঁও জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ ৫জনকৈ বিষয়া-কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে একেটা চৌহদতে থকা নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়তো ব্যাপক আতংকৰ সৃষ্টি হয়। কাৰণ একেটা চৌহদতে দুয়োটা কাৰ্যালয় থকাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ কৰ্মচাৰী সকল প্ৰায়ে সংস্পৰ্শলৈ আহে।
উল্লেখযোগ্য যে কোৰোণাত আক্ৰান্ত ৫জন ব্যক্তিৰেই নাই কোনো ভ্ৰমণ বৃত্তান্ত। কিন্তু যোৱা ১৬ জুনত কোৰোণাত আক্ৰান্ত এগৰাকী নাবালিকাক হাজিৰ কৰিছিল জিলা ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত আৰু সেই কিশোৰীগৰাকীৰ সংস্পৰ্শলৈ অহা ১২গৰাকী আৰক্ষীকো জিলা স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টেইন কৰিছিল। সেইগৰাকী কিশোৰীৰ সাক্ষ্য গ্ৰহণৰ বাবেই দণ্ডাধীশ ছালেহ আহমেদ সহ ৫জন কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগৰ এক সূত্ৰই।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|