মুখ্যপৃষ্ঠা »খবৰ »অসম »কেশৱ মহন্ত, ৰূপক শৰ্মা, ৰকিবুল হুছেইন আৰু আঙুৰলতা ডেকা, কাইলৈ নিৰ্ণয় হ'ব ভাগ্য! ভোটগণনাৰ বাবে সাঁজু নগাঁও জিলা প্ৰশাসন

কেশৱ মহন্ত, ৰূপক শৰ্মা, ৰকিবুল হুছেইন আৰু আঙুৰলতা ডেকা, কাইলৈ নিৰ্ণয় হ'ব ভাগ্য! ভোটগণনাৰ বাবে সাঁজু নগাঁও জিলা প্ৰশাসন

জিলাখনৰ প্ৰথম পৰ্যায়ত অর্থাৎ ২৭ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হোৱা কলিয়াবৰ,  চামগুৰি, ৰূপহী হাট, ধিং,বটদ্ৰৱা আৰু দ্বিতীয় পৰ্যায়ত অর্থাৎ ১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হোৱা ৰহা, নগাঁও সদৰ, বঢ়মপুৰ বিধানসভা সমষ্টিৰ সৰ্বমুঠ ৫৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ২মে'ত  নিৰ্ণয় হ'ব।

  • Share this:
অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো এটা দিন বাকী। এই ভোট গণনাৰ বাবে নগাঁও জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে। ক'ভিড প্ৰ'টকল মানি আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

জিলাখনৰ প্ৰথম পৰ্যায়ত অর্থাৎ ২৭ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হোৱা কলিয়াবৰ,  চামগুৰি, ৰূপহী হাট, ধিং,বটদ্ৰৱা আৰু দ্বিতীয় পৰ্যায়ত অর্থাৎ ১ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হোৱা ৰহা, নগাঁও সদৰ, বঢ়মপুৰ বিধানসভা সমষ্টিৰ সৰ্বমুঠ ৫৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ২মে'ত নিৰ্ণয় হ'ব।

জিলা প্ৰশাসনে ৪টা কেন্দ্ৰত ভোট গণনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰত বটদ্ৰৱা, বঢ়মপুৰ, চামগুৰি বিধানসভা সমষ্টি, আই টি আই কেন্দ্ৰত ধিং, ৰূপহী হাট বিধানসভা সমষ্টি, ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৰহা, নগাঁও সদৰ বিধানসভা সমষ্টি আৰু কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভোট গণনা কেন্দ্ৰত কলিয়াবৰ বিধানসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ'ব।

ইয়াৰে কলিয়াবৰ বিধানসভা সমষ্টি কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত হোৱাৰ বিপৰীতে বাকী ৭টা বিধানসভা সমষ্টিত নগাঁও জিলা নিৰ্বাচনী  বিষয়াৰ অধীনস্থ। নগাঁও জিলা প্ৰশাসনে ভোট গণনাৰ কেন্দ্ৰ সমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে কোনো কাৰণতে যাতে কোভিদ প্ৰ'টকল ভংগ নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

জিলাখনৰ ৫৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৬গৰাকী  বিধায়কৰ ভাগ্য ই ভি এমত বন্দী হৈ আছে। এই সকল হ'ল মন্ত্ৰী কেশৱ মহন্ত,  প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,  বিধায়ক ৰূপক শৰ্মা, নুৰুল হুদা, আমিনুল ইছলাম আৰু আঙুৰলতা ডেকা।

জিলা খনৰ ৮টা বিধান সভা সমষ্টিত মূল যুঁজ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ মাজত হ'ব যদিও সময়ত কোনে শেষ হাঁহি মাৰিব সেয়া এতিয়াও পৰিষ্কাৰ হোৱা নাই।

এইবাৰ ৰহা বিধানসভা সমষ্টিত কংগ্ৰেছৰ শশীকান্ত দাস, অগপৰ বিষ্ণু দাস, অসম জাতীয় পৰিষদৰ উৎপল বনিয়াৰ লগতে আন প্ৰাৰ্থী ক্ৰমে- মণি দাস, গুনেশ্বৰ দাস, ৰুবুল দাস, চিত্ৰলেখা দাসে প্ৰতিদ্বন্দিতা কৰিছে।

ধিং বিধান সভা সমষ্টিত বিজেপিৰ সঞ্জীৱ কুমাৰ বৰা, এ আই ইউ ডি এফৰ আমিনুল ইছলাম, অসম জাতীয় পৰিষদৰ আনজাৰ হুছেইন, আন প্ৰাৰ্থী ক্ৰমে-ইনামূল হুদা, মেহবুব মুক্তাৰ, চামচুল ইছলাম চৌধুৰী, চাহনাজ বেগম, মুস্তাফা ছহিদুল ইচলামে প্ৰতিদ্বন্দিতা কৰিছে।

বটদ্ৰৱাত বিজেপিৰ আঙুৰলতা ডেকা, কংগ্ৰেছৰ শিৱামণি বৰা, আন প্ৰাৰ্থী ক্ৰমে- অনুপম বৰুৱা, ফখৰুদ্দিন, মুছলেখা বেগম, প্ৰফুল্ল ৰাজখোৱা, মতিউৰ ৰহমানে প্ৰতিদ্বন্দিতা কৰিছে।

ৰূপহী হাটত বিজেপিৰ নাজিৰ হুছেইন, কংগ্ৰেছৰ নুৰুল হুদা, আন প্ৰাৰ্থী ক্ৰমে-ছফিকুল ইছলাম, চামচুৰ আলম, জীয়াতুল ইছলাম, আবু চামা, ৱাকিবুৰ ইছলাম, নুৰুল আমিন চৌধুৰী, নজবুল ইছলামে প্ৰতিদ্বন্দিতা কৰিছে।

নগাঁও সদৰ সমষ্টিত বিজেপিৰ ৰূপক শৰ্মা, কংগ্ৰেছৰ শান্তনু শৰ্মা, আন প্ৰাৰ্থী ক্ৰমে- অনুপ লস্কৰ, আব্দুল আৱাল ভূঞা, ছাহজাহান আলি আহমেদ, আনোৱাৰ ৱাহিদ, আশা বেগম, ইকৱাল হুছেইন, জিয়াবুৰ ৰহমান, নৃপেন মণ্ডলে প্ৰতিদ্বন্দিতা কৰিছে।

চামগুৰি বিধান সভা সমষ্টিত বিজেপিৰ অনিল শইকীয়া, কংগ্ৰেছৰ ৰকিবুল হুছেইন, আন প্ৰাৰ্থী ক্ৰমে- আবিদুৰ ৰহমান, প্ৰানজিৎ ভৌমিকে প্ৰতিদ্বন্দিতা কৰিছে।

কলিয়াবৰ বিধান সভা সমষ্টিত অগপৰ কেশৱ মহন্ত, কংগ্ৰেছৰ প্ৰশান্ত শইকীয়া, অসম জাতীয় পৰিষদৰ মুকুল বৰুৱা, নিৰ্দলীয় ভাস্কৰ শৰ্মাই প্ৰতিদ্বন্দিতা কৰিছে।

এই সকল প্ৰাৰ্থী আৰু সমৰ্থকসকলে এতিয়া উৎকন্ঠাৰে ২ মে'লৈ অপেক্ষা কৰিছে।

শেহতীয়া বাতৰি