
নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তালিকাভুক্ত ৪৮খন বিহু কমিটীক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। এই সন্দৰ্ভত News18 অসমত তথ্য সহকাৰে বাতৰি সম্প্ৰচাৰিত হৈছিল।
নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তালিকাভুক্ত ৪৮খন বিহু কমিটীক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। এই সন্দৰ্ভত News18 অসমত তথ্য সহকাৰে বাতৰি সম্প্ৰচাৰিত হৈছিল।
অৱশেষত নগাঁও জিলা প্ৰশাসনে বাতিল কৰিলে বিহু কমিটীক চেক বিতৰণৰ কাৰ্যসূচী। বৃহস্পতিবাৰে নগাঁও জিলাৰ খগেন মহন্ত প্ৰেক্ষাগৃহত সাত বিহুত বিগত ১০ বছৰে ৰঙালী বিহু উদযাপন কৰা কমিটীসমূহক চেক বিতৰণ কৰাৰ বাবে জিলা প্ৰশাসনে এক অনুষ্ঠানৰ আয়োজন কৰিছিল। পিছে নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তালিকাভুক্ত ৪৮খন বিহু কমিটীক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। এই সন্দৰ্ভত News18 অসমত তথ্য সহকাৰে বাতৰি সম্প্ৰচাৰিত হৈছিল।
News18ৰ বাতৰিৰ পিছতে তৎপৰ হৈ পৰিল নগাঁও জিলা প্ৰশাসন। জিলা তথ্য আৰু জনসংযোগ বিষয়াই ইতিমধ্যে এই অনুষ্ঠান বাতিল হোৱাৰ কথা ঘোষণা কৰিছে। এতিয়া বিহু কমিটী সমূহৰ পুনৰীক্ষণ কৰাৰ পিছতহে নগাঁৱত চেক বিতৰণৰ কাৰ্যসূচী ৰূপায়িত কৰা হ'ব। বৰ্তমানৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব বহু বিহু কমিটীৰ। উল্লেখযোগ্য যে, বাপতি সাহোন ৰঙালী বিহুৰ নামটো একাংশ দুষ্ট চক্ৰই ধন আত্মসাত কৰাৰ বাবে কৰা অপচেষ্টাই ক্ষোভিত কৰি তুলিছিল ৰাইজক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|