মুখ্যপৃষ্ঠা »খবৰ »অসম »কোন IAS বিষয়াই পাঠদান কৰিলে নগাঁৱৰ এখন চৰকাৰী হাইস্কুলত ?

কোন IAS বিষয়াই পাঠদান কৰিলে নগাঁৱৰ এখন চৰকাৰী হাইস্কুলত ?

ধবাৰে পুৱাই শিঙিমাৰীৰ মহম্মদ আলী হাইস্কুলত প্ৰৱেশ কৰিলে নগাঁও জিলাৰ উপায়ুক্ত তথা আইএএছ বিষয়া নৰেন্দ্ৰ শ্বাহে।

ধবাৰে পুৱাই শিঙিমাৰীৰ মহম্মদ আলী হাইস্কুলত প্ৰৱেশ কৰিলে নগাঁও জিলাৰ উপায়ুক্ত তথা আইএএছ বিষয়া নৰেন্দ্ৰ শ্বাহে।

  • Share this:
নগাঁৱৰ সংখ্যালঘূ অধ্যূষিত অঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ত পুৱাই হুৱাদুৱা লাগিল এগৰাকী শিক্ষকক লৈ।  কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, শিক্ষক-শিক্ষয়ত্ৰীৰ মাজতো লাগিল হাহাকাৰ। কাৰণ বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীক পুৱাই উপস্থিত হ'ল এগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।

ঘটনাটো নগাঁও জিলাৰ শিঙিমাৰীৰ। বুধবাৰে পুৱাই শিঙিমাৰীৰ মহম্মদ আলী হাইস্কুলত প্ৰৱেশ কৰিলে নগাঁও জিলাৰ উপায়ুক্ত তথা আইএএছ বিষয়া নৰেন্দ্ৰ শ্বাহে। বিদ্যালয়খনৰ শিক্ষাদানৰ বিষয়ে বুজ ল'বলৈ উপায়ুক্ত গৰাকীয়ে হঠাৎ এইদৰে বিদ্যালয় খনত গৈ উপস্থিত হ'ল। চৰকাৰী শিক্ষাখণ্ডৰ প্ৰতি সততে উঠা অভিযোগৰ তদন্তৰ বাবেই এইদৰে নগাঁও জিলা উপায়ুক্ত গৰাকীয়ে ছাডেন ভিজিট দিলে বিদ্যালয়খনত। ইয়াত পিছতে বিদ্যালয় খনৰ প্ৰধান শিক্ষকক লৈ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক পাঠদানো কৰিলে জিলা উপায়ুক্ত গৰাকীয়ে। এগৰাকী আইএএছ বিষয়াক শিক্ষাগুৰুৰ ৰূপত পাই স্বাভাৱিকতে আনন্দিত হৈ পৰিল বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল। এইদৰে বহুসময় ধৰি জিলা উপায়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীৰ লগত বাৰ্তালাপ কৰাৰ পিছত বিদ্যালয়খনৰ পৰা বিদায় ল'লে। জিলা উপায়ুক্ত গৰাকীৰ এই পদক্ষেপক শলাগিলে অঞ্চলটোৰ সাধাৰণ ৰাইজে।

শেহতীয়া বাতৰি