সাৱধান! নগাঁৱলৈ গ’লে এই বাটেৰে ভুলতো নাহিব...

পথটোত দিন-দুপৰতে চলে অপৰাধীৰ ৰাজত্ব, সমগ্ৰ অসমৰ অপৰাধীৰ বাবে নিৰাপদ এই অঞ্চল
পথটোত দিন-দুপৰতে চলে অপৰাধীৰ ৰাজত্ব, সমগ্ৰ অসমৰ অপৰাধীৰ বাবে নিৰাপদ এই অঞ্চল
- News18 Assam
- Last Updated: November 30, 2019, 5:29 PM IST
নগাঁও চহৰৰ খাগৰিজান অঞ্চলৰ এই পথছোৱাত দিন-দুপৰতে চলে অপৰাধীৰ ৰাজত্ব। চৰকাৰ-প্ৰশাসনক কেৰেপ নকৰে এই অঞ্চলৰ অপৰাধীয়ে। আৰক্ষীয়ে যদি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই তেন্তে অপৰাধীয়ে গ্ৰহণ কৰে এক অভিনৱ কৌশল। আৰক্ষীৰ দল সেই অঞ্চলত উপস্থিত হ'লেই আৰক্ষীৰ সৈতে মোকাবিলা কৰিবলৈ সাঁজু হৈ থাকে এচাম মহিলা।
লগতে পঢ়ক– মবাইল ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ, ডিচেম্বৰৰ পৰা ফোন কৰিবলৈ নালাগে Network!
মহিলাই আৰক্ষীক প্ৰত্যাক্ৰমণ কৰাৰ লগতে বিভিন্ন ভুৱা গোচৰ তৰাৰ ভাবুকি প্ৰদান কৰে আৰক্ষীক। অতি দৰিদ্ৰ সংখ্যালঘূ জনবসতি প্ৰধান এই অঞ্চলটোৰ বাসিন্দাসকলৰ দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰে চতুৰ অপৰাধীয়ে। যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তৰ ড্ৰাগছ মাফিয়া, ডকাইট, চিলনী চোৰ তথা দাগী অপৰাধীৰ নিৰাপদ আশ্ৰয় স্থল হৈ পৰিছে এই অঞ্চল।