নগাঁৱত দিন দুপৰতে অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকা

অপৰাধীৰ ভূ-স্বৰ্গত পৰিণত হৈছে নগাঁও!

News18-Assam
Updated:September 5, 2019, 6:41 PM IST
নগাঁৱত দিন দুপৰতে অস্ত্ৰধাৰী দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকা
অপৰাধীৰ ভূ-স্বৰ্গত পৰিণত হৈছে নগাঁও!
News18-Assam
Updated: September 5, 2019, 6:41 PM IST
নীলোৎপল বৰা: অপৰাধীৰ ভূ-স্বৰ্গত পৰিণত হৈছে নগাঁও! বৃহস্পতিবাৰে দিন দুপৰতে অস্ত্ৰধাৰী দুৰ্বৃত্তই এগৰাকী বেংক কৰ্মচাৰীৰ পৰা লুটিলে লক্ষাধিক টকা। নগাঁৱৰ মধ্য শিয়ালমাৰীত সংঘটিত হৈছে এই ঘটনা।বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২.৩০বজাত নগাঁও চহৰৰ বন্ধন বেংকৰ হয়বৰগাঁও শাখাৰ কৰ্মচাৰী ৰিংকু শইকীয়াক মধ্য শিয়ালমাৰীত বাইকত অহা ডকাইটৰ দলে আগুচি ধৰি লুটি নিলে নগদ ১লাখ ২৩ হাজাৰ টকা।

ৰিংকু শইকীয়া


দুজনীয়া ডকাইটৰ দলটোৱে ৰিংকু শইকীয়াক চোকা অস্ত্ৰৰে আঘাট কৰাৰ ফলত গুৰুত্বৰভাৱে আহত হয়। ইতিমধ্যে ঘটনাস্থলীত নগাঁও আৰক্ষী উপস্থিত হৈ আহত ৰিংকু শইকীয়াক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্বৃত্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি