সমগ্ৰ বিশ্বতে বৰ্তমান ক'ভিদৰ তৃতীয় ঢৌৰ আশংকা। বিশেষজ্ঞৰ মতে তৃতীয় ঢৌয়ে ক্ষতিগ্ৰস্ত কৰিব শিশুক। সেয়ে সমগ্ৰ দেশৰ লগতে অসমৰ স্বাস্থ্য বিভাগেও তৃতীয় ঢৌৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে।
ইতিমধ্যে, অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ স্বাস্থ্যবিভাগ সাঁজু বুলি মন্তব্য কৰিছে। নগাঁৱতো তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিব পৰাকৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নিৰ্মাণ কৰি থকা হৈছে শিশু আইচিইউ। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই শুকুৰবাৰে মাজনিশা ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ পৰিদৰ্শন কৰিলে শিশু আইচিইউৰ কাম-কাজ। বিধায়কগৰাকীয়ে এই সন্দৰ্ভত সাংবাদিকৰ সন্মুখত কয়, "বৰ্তমান নগাঁৱত ক'ভিদ পৰিস্থিতি আগতকৈ উন্নত হৈছে। তথাপিও আমি শিশুসকলৰ ভৱিষ্যতৰ স্বাৰ্থত শিশু আইচিইউৰ কাম সম্পূৰ্ণ কৰাত জোৰ দিছো আৰু অহা ৩০ জুলাইৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হ'ব।" বিধায়কগৰাকীয়ে লগতে নগাঁৱত শিশু আইচিইউ স্থাপন কৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকো ধন্যবাদ জনায়।
Published by: Kokil Sarma
FIRST PUBLISHED : July 10, 2021, 09:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।