সোমবাৰে নগাঁৱত ক'ৰোণাত আক্ৰান্ত হ'ল ১০৬জন, কোৰোণাত আক্ৰান্ত হৈ নিজ গৃহতে মৃত্যুক সাৱটিলে এজনে

News18 Assam | News18-Assam
Updated:April 26, 2021, 8:58 PM IST
সোমবাৰে নগাঁৱত ক'ৰোণাত আক্ৰান্ত হ'ল ১০৬জন, কোৰোণাত আক্ৰান্ত হৈ নিজ গৃহতে মৃত্যুক সাৱটিলে এজনে
যোৱা ১ এপ্ৰিলৰ পৰা আজি পৰ্যন্ত নগাঁও জিলাত স্বাস্থ্য বিভাগে চলোৱা কভিড পৰীক্ষাত  ৮৯৩ গৰাকী লোকৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে

যোৱা ১ এপ্ৰিলৰ পৰা আজি পৰ্যন্ত নগাঁও জিলাত স্বাস্থ্য বিভাগে চলোৱা কভিড পৰীক্ষাত  ৮৯৩ গৰাকী লোকৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে

  • Share this:
নগাঁৱত কোৰোণা ভাইৰাছে  ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কভিড-১৯ৰ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা নীতি নিৰ্দেশনা ৰূপায়ণ কৰাৰ পিছতো নগাঁও জিলাত কোভিদ আক্ৰান্তৰ সংখ্যাই এতিয়া ১০০০ৰ ঘৰ অতিক্ৰম কৰাৰ দিশে গতি কৰিছে।

যোৱা ১ এপ্ৰিলৰ পৰা আজি পৰ্যন্ত নগাঁও জিলাত স্বাস্থ্য বিভাগে চলোৱা কোভিদ পৰীক্ষাত  ৮৯৩ গৰাকী লোকৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে। মহামাৰী কোৰোণাৰ দ্বিতীয়টো লহৰে গুৱাহাটী মহানগৰীৰ সমান্তৰালকৈ নগাঁও জিলাত ক্ৰমান্বৰে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

দৈনিক জিলাখনৰ বিভিন্ন প্ৰান্তত কোভিদ-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত স্বয়ং স্বাস্থ্য বিভাগ উদ্বিগ্ন হৈ পৰিছে। আজিও জিলাখনত ১০৬ গৰাকী লোক কোৰোণাত আক্ৰান্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। আক্ৰান্ত সকলৰ ভিতৰত ৩ গৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিদ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আন ১০৩ জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে। ইফালে চিকিৎসাধীন হৈ থকা ৯ গৰাকী আৰু নিজ গৃহত আছুতীয়া হৈ থকা ৬১ গৰাকী লোক সুস্থ হৈ উঠিছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই জানিবলৈ দিছে।

সোমবাৰ পৰ্যন্ত জিলাখনত কোভিদ-১৯ ৰ দ্বিতীয় লহৰত ৮৯৩ গৰাকী লোক আক্ৰান্ত হৈছে যদিও বৰ্তমান কোৰোণাৰ সক্ৰিয় কেচ আছে ৫৫২টা। ইফালে, জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ চামগুৰি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৰদল মিকিৰ গাঁৱৰ‌ নিবাসী বিমল হেৰে নামৰ ৫২ বছৰীয়া লোকজনে দেওবাৰে দুপৰীয়া নিজ গৃহতে কোভিদ-১৯ ত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ললে বুলি জনাইছে স্বাস্থ্য বিভাগে।
Published by: Himangshu Bhuyan
First published: April 26, 2021, 8:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি