• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱত আৰম্ভ হ’ল ৰেপিড টেষ্ট, বৰবজাৰৰ ৫গৰাকী ব্যৱসায়ীৰ দেহত ধৰা পৰিল কোৰোণা, বহুতৰে সংস্পৰ্শলৈ অহাৰ সন্দেহ

নগাঁৱত আৰম্ভ হ’ল ৰেপিড টেষ্ট, বৰবজাৰৰ ৫গৰাকী ব্যৱসায়ীৰ দেহত ধৰা পৰিল কোৰোণা, বহুতৰে সংস্পৰ্শলৈ অহাৰ সন্দেহ

Source-Google

Source-Google

নগাঁও চহৰৰ ব্যৱসায়িক অঞ্চল বৰবজাৰত শুকুৰবাৰৰ পৰা স্বাস্থ্য বিভাগে আৰম্ভ কৰিলে ৰেপিড এণ্টিজেন টেষ্ট।

  • Share this:
নগাঁও চহৰৰ ব্যৱসায়িক অঞ্চল বৰবজাৰত শুকুৰবাৰৰ পৰা স্বাস্থ্য বিভাগে আৰম্ভ কৰিলে ৰেপিড এণ্টিজেন টেষ্ট। নগাঁও জিলা স্বাস্থ্য বিভাগে আৰম্ভ কৰা এই ৰেণ্ডম টেষ্টৰ প্ৰথমদিনাই ৫জন ব্যৱসায়ীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে পজিটিভ পোৱাৰ লগে লগে সমগ্ৰ বৰবজাৰতে তীব্ৰ আতংকৰ সৃষ্টি হয়।

স্বাস্থ্য বিভাগে প্ৰথম পৰ্য্যায়ত ১৮ গৰাকী ব্যৱসায়ীৰ স্বাৱ পৰীক্ষা কৰে। ইয়াৰে কমলা কান্ত ত্ৰিৱেদী, বিশ্বনাথ দে, বিমল কৰ, আব্দুল মল্লিক আৰু মীৰ হুছেইন নামৰ ৫গৰাকী ব্যৱসায়ীৰ স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ পোৱাৰ লগে লগে বৰবজাৰৰ ব্যৱসায়ী সকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয়। সামাজিক দূৰত্বৰ দিশটোক আওকাণ কৰি ব্যাপক জনসমাগমৰ সৃষ্টি কৰা বৰবজাৰ অঞ্চল মুহূৰ্ততে জনশূণ্য হৈ পৰে।

ইতিমধ্যে কোৰোণাত আক্ৰান্ত ব্যৱসায়ী কেইজনক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। আনহাতে শণিবাৰ আৰু দেওবাৰে সাপ্তাহিক  ল’ক ডাউন হোৱাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰৰ পৰাহে নগাঁৱত পুনৰ ৰেপিড স্বাৱ পৰীক্ষা আৰম্ভ কৰিব স্বাস্থ্য বিভাগে। উল্লেখযোগ্য যে, শুকুৰবাৰৰ দিনটোত নগাঁও ভ্ৰমণলৈ অহা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নগাঁৱত আগষ্টৰ শেষৰ ফালে কোৰোণা ৰোগীৰ সংখ্যাই ২,৫০০ৰ ঘৰ অতিক্ৰম কৰাৰ আশংকা প্ৰকাশ কৰিছিল।
Published by:Himangshu Bhuyan
First published: