মুখ্যপৃষ্ঠা » খবৰ

» অসম

»কোৰোণাই স্বামীহাৰা কৰা নগাঁৱৰ ৩১গৰাকী মহিলালৈ সহায়ৰ হাত ৰাজ্য চৰকাৰৰ, প্ৰদান কৰিলে ২.৫ লাখকৈ টকা

কোৰোণাই স্বামীহাৰা কৰা নগাঁৱৰ ৩১গৰাকী মহিলালৈ সহায়ৰ হাত ৰাজ্য চৰকাৰৰ, প্ৰদান কৰিলে ২.৫ লাখকৈ টকা

News18 Assam | News18-Assam
Updated:July 18, 2021, 6:25 PM IST
কোৰোণাই স্বামীহাৰা কৰা নগাঁৱৰ ৩১গৰাকী মহিলালৈ সহায়ৰ হাত ৰাজ্য চৰকাৰৰ, প্ৰদান কৰিলে ২.৫ লাখকৈ টকা
নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পৰ অনুষ্ঠানত আৱেগিক হৈ পৰিল বহু মহিলা।

নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পৰ অনুষ্ঠানত আৱেগিক হৈ পৰিল বহু মহিলা।

  • Share this:
আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁওৰ সংস্কৃতিক প্ৰকল্পত "মুখ্যমন্ত্ৰীৰ ক'ভিড -১৯ বিধৱা সাহায্য আঁচনিৰ" অধীনত জিলাখনত কোৰোণাই স্বামীহাৰা কৰা ৩১ গৰাকী বিধৱা মহিলাক এককালীন বিত্তীয় সাহায্য হিচাপে প্ৰতিগৰাকীকে ২.৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়।  আজি এই অনুষ্ঠানত  বিধৱা মহিলা সকলৰ মাজত চেক বিতৰণ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

উক্ত অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, 'অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে এই ক'ভিড-১৯ৰ যুঁজখনত বহুখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে, যদিও স্বামীক হেৰুওৱা দুখৰ ক্ষতিপূৰণ দিব নোৱাৰি কিন্তু এই বিত্তীয় সাহায্যই মহিলাসকলক পুনৰ সংস্থাপন লাভ কৰাত সহায় কৰিব।

মন্ত্ৰীগৰাকীয়ে লগতে একে সময়তে জিলাখনত ভয়াৱহ ৰূপ লোৱা ক'ভিড-১৯ মহামাৰীক ক্ষীপ্ৰতাৰে নিয়ন্ত্ৰণ কৰিবলৈ সফল হোৱাৰ বাবে জিলা প্ৰশাসনক প্ৰশংসা কৰে। আজিৰ এই সভাত আদৰণি ভাষণ আগবঢ়াই জিলা উপায়ুক্ত কবিতা পদ্মনাভনে। আজিৰ এই সভাত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীকে প্ৰমুখ্য কৰি প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন শীৰ্ষ বিষয়া আৰু বিশিষ্ট অতিথি সকল।
Published by: Himangshu Bhuyan
First published: July 18, 2021, 6:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি