ন্যায় নে অন্যায়? ভোট দিয়ক আৰু ৭৫০০ টকা লৈ যাওঁক! নগাঁৱত কংগ্ৰেছৰ বাম্পাৰ অ'ফাৰ

সমাগত বিধান সভা নিৰ্বাচন! সেয়ে নিৰ্বাচনৰ পূৰ্বে সাধাৰণ ভোটাৰক টোপ দি ভোট আদায় কৰাৰ নিকৃষ্ট পন্থা অৱলম্বন কৰিছে ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে।
সমাগত বিধান সভা নিৰ্বাচন! সেয়ে নিৰ্বাচনৰ পূৰ্বে সাধাৰণ ভোটাৰক টোপ দি ভোট আদায় কৰাৰ নিকৃষ্ট পন্থা অৱলম্বন কৰিছে ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে।
- News18 Assam
- Last Updated: March 3, 2021, 8:35 PM IST
জানিব পৰা মতে, নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়তৰ ঘাগৰিয়াল গাঁৱত যোৱা নিশা কেইগৰাকীমান কংগ্ৰেছী নেতাই মানুহৰ ঘৰে ঘৰে গৈ "ন্যায়" আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰে। কংগ্ৰেছী নেতাই নিৰ্বাচনত কংগ্ৰেছক ভোট দিলে বেংক একাউণ্টত ৭,৫০০টকা ভৰাই দিয়াৰ প্ৰলুভন দিয়ে।
ঘাগৰিয়াল গাঁৱৰ জামাল আহমেদ নামৰ এগৰাকী ব্যক্তিৰ ঘৰত কংগ্ৰেছীৰ দলটোৱে এই প্ৰপত্ৰ বিলাবলৈ যাঁওতেই তৰ্কাতৰ্কি হোৱাত কংগ্ৰেছী নেতা-কৰ্মীৰ দলটোৱে সেই স্থানৰ পৰা পলাই পত্ৰং দিয়ে। ইয়াৰ পিছতে আজি পুৱা গাঁওখনৰ ৰাইজে কংগ্ৰেছৰ এই অপকৰ্মৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ স্যবস্ত কৰে।