পত্নী ফাতিমা বেগমে এটা চকুত বেয়াকৈ আঘাত পাইছে। ইতিমধ্যে ঘটনা সংক্ৰান্তত নগাঁৱৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ফাতিমা বেগমে।
পত্নী ফাতিমা বেগমে এটা চকুত বেয়াকৈ আঘাত পাইছে। ইতিমধ্যে ঘটনা সংক্ৰান্তত নগাঁৱৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ফাতিমা বেগমে।
এগৰাকী কংগ্ৰেছ নেতাৰ নিকৃষ্ট কাণ্ডই নগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি নগাঁও জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা কচুঁৱা জিলা পৰিষদৰ সদস্য ছাইফুল ইছলামে তেঁওৰ পত্নী ফাতিমা বেগম আৰু এবছৰীয়া সন্তানক নিশা নিমৰ্ম ভাৱে প্ৰহাৰ কৰে।
পত্নী ফাতিমা বেগমৰ অভিযোগ অনুসৰি,, ছাইফুলৰ সৈতে শেহতীয়াভাৱে জুৰীয়াৰ এগৰাকী যুৱতীৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ পিছৰে পৰা তেঁওক নিৰ্যাতন চলাই আহিছে। পত্নীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, "শুকুৰবাৰে নিশা ছাইফুলে মোক শিয়ালমাৰীৰ ঘৰত নিমৰ্ম ভাৱে মাৰপিট কৰে। মোক জামিনৰ কাগজত চহী কৰিবলৈ হেঁচা দিয়াৰ লগতে মোৰ ১বছৰীয়া সন্তানকো বেয়াকৈ মাৰপিট কৰিছে।"
উল্লেখযোগ্য যে, পত্নী ফাতিমা বেগমে এটা চকুত বেয়াকৈ আঘাত পাইছে। ইতিমধ্যে ঘটনা সংক্ৰান্তত নগাঁৱৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ফাতিমা বেগমে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|