ল’ক ডাউনত কৰ্ম সংস্থাপন হেৰুওৱা সকলৰ বাবে আহিছে এটা ভাল খবৰ, নগাঁও কলেজে লৈছে ব্যতিক্ৰমী পদক্ষেপ

News18 Assam | News18-Assam
Updated:August 28, 2020, 9:38 PM IST
ল’ক ডাউনত কৰ্ম সংস্থাপন হেৰুওৱা সকলৰ বাবে আহিছে এটা ভাল খবৰ, নগাঁও কলেজে লৈছে ব্যতিক্ৰমী পদক্ষেপ
ল’ক ডাউনত সংস্থাপন হেৰুৱাই নিজ গৃহলৈ উভতি অহা অসমীয়া যুৱক সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে নগাঁও মহাবিদ্যালয়।

ল’ক ডাউনত সংস্থাপন হেৰুৱাই নিজ গৃহলৈ উভতি অহা অসমীয়া যুৱক সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে নগাঁও মহাবিদ্যালয়।

  • Share this:
ল’ক ডাউনত সংস্থাপন হেৰুৱাই নিজ গৃহলৈ উভতি অহা অসমীয়া যুৱক সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে নগাঁও মহাবিদ্যালয়। মহাবিদ্যালয়খনৰ জীৱ বিজ্ঞান বিভাগে কৰ্মসংস্থাপন হেৰুওৱা যুৱকৰ বাবে ‘আলংকাৰিক মাছ’ৰ উৎপাদন আৰু একুৰিয়াম নিৰ্মাণৰ কৰ্মশালাৰ আয়োজন কৰিছে।

যোৱা ৭ আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি উপকৃত হৈছে দিল্লী, মুম্বাই, হাৰিয়ানা, গুজৰাট আৰু কেৰালাৰ পৰা ঘূৰি অহা বহু যুৱক। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উদ্বোধন কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে জিলাখনৰ বিভিন্ন প্ৰান্তত থকা বহু যুৱকে। নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে জনোৱা মতে, এইসকল যুৱকক প্ৰশিক্ষণৰ অন্তত মীন পালনৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। এই প্ৰমাণপত্ৰ জৰিয়তে মীন বিভাগৰ পৰা আৰ্থিক সাহাৰ্য লাভ কৰিবলৈও তেওঁলোক যোগ্য হিচাপে বিবেচিত হ'ব।

আনহাতে জীৱ বিজ্ঞান বিভাগৰ প্ৰবক্তা ড° ভূৱন চুতীয়াৰ মতে, এই কৰ্মশালাৰ পিছত যুৱকসকলে নিজ অঞ্চলত মীনপালনৰ উপৰিও একুৰিয়ামৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আৰ্থিক ভাৱে লাভান্বিত হ'ব পাৰিব।

উল্লেখযোগ্য যে, থলুৱা আলংকাৰিক মাছৰ উৎপাদনৰ বাবে কৃত্ৰিমভাৱে মহাবিদ্যালয়খনত প্ৰজননৰ ব্যৱস্থা কৰা হৈছে।  লগতে অসমত বিলুপ্ত হ'বলৈ ধৰা বহু থলুৱা প্ৰজাতিৰ মাছৰ পোনা উৎপাদনৰ বাবে মহাবিদ্যালয়খনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৰ্তমান কৰ্মসংস্থাপনহীন যুৱকসকলকো এই ক্ষেত্ৰত মহাবিদ্যালয়খনে  নিয়োজিত কৰিছে।
Published by: Himangshu Bhuyan
First published: August 28, 2020, 9:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading