নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ)ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীয়ে ৯টাকৈ পদত জয়লাভ কৰিছে। সোমবাৰে মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থী সভাপতি পদত নিবিড় কাশ্যপ শৰ্মা, সাধাৰণ সম্পাদক পদত অৰিন্দম শৰ্মা, ক্ৰীড়া সম্পাদক পদত ময়ুৰ কৃষ্ণ দাস, সংগীত সম্পাদক পদত বিজিত কুমাৰ শইকীয়া আৰু ছাত্ৰ কল্যাণ সম্পাদক পদত অম্লান জ্যোতি বৰা বিজয়ী হয়।
ইয়াৰ পিছতে ছাত্ৰ সন্থাৰ শিবিৰত ব্যাপক উছাহ দেখিবলৈ পোৱা যায়। জাতীয় সংগঠনটোৰ নেতা-কৰ্মী সকলে চহৰখনৰ মাজৰে আছুৰ পতাকা উৰুৱাই বিজয় সমদল বাহিৰ কৰাও দেখা গ'ল।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
ইপিনে অখিল ভাৰত বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী শুভম কুমাৰ সিঙে সহকাৰী সাধাৰণ সম্পাদক পদত, দ্বীপজ্যোতি দাসে ছাত্ৰ জিৰণি কোঠা সম্পাদক, স্বৰূপা দত্তই সমাজ সেৱা সম্পাদক পদত জয়লাভ কৰে। অসম ছাত্ৰ পৰিষদ এটা পদত আৰু এনএছইউআইৰ সমৰ্থিত প্ৰাৰ্থীয়েও এটা পদত জয়লাভ কৰিবলৈ সক্ষম হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|