শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত চোকা অস্ত্ৰলৈ আক্ৰমণ কৰাৰ ফলতে নিহত হয় মহিলাগৰাকী।
শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত চোকা অস্ত্ৰলৈ আক্ৰমণ কৰাৰ ফলতে নিহত হয় মহিলাগৰাকী।
নগাঁৱৰ ইটাপাৰাত ভূমিকেন্দ্ৰিক সংঘাতত প্ৰাণ গ'ল আফিয়া খাতুন নামৰ এগৰাকী মহিলাৰ। ভূমিকেন্দ্ৰিক সংঘাতত আহত হৈছে ৪টিকৈ শিশুসহ ৮গৰাকী লোক। আফিয়া খাতুনৰ পৰিয়ালৰ অভিযোগ অনুসৰি আব্দুল চালামৰ নেতৃত্বত ছিদ্দিক আলী, চুৰহাব আলী, আব্দুল হাই আৰু কেইবাগৰাকীও লোকে শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত চোকা অস্ত্ৰলৈ আক্ৰমণ কৰাৰ ফলতে নিহত হয় মহিলাগৰাকী।
আনহাতে দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা সাৰি ন'গল নিষ্পাপ শিশুও। চোকা দা আৰু তৰোৱালেৰে আক্ৰমণ কৰাৰ ফলত আহত হ'ল ৪টিকৈ শিশু। সৰ্বমুঠ ৮জনকৈ লোক আহত হয় ভূমিকেন্দ্ৰিক সংঘাতত। নিশাই আহত লোক সকলক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
নিহত আফিয়া খাতুনৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই ঘটনাৰ পিছতে নগাঁও আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ দুয়োপক্ষৰে কেইবাগৰাকীও লোকক আটক কৰিছে। এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|