কেনেকৈ নিখোজ হৈছিল নগাঁৱৰ ন–কইনা, কি ঘটিছিল ফুলশয্যাৰ নিশা?

News18 Assam | News18-Assam
Updated:December 1, 2020, 5:38 PM IST
কেনেকৈ নিখোজ হৈছিল নগাঁৱৰ ন–কইনা, কি ঘটিছিল ফুলশয্যাৰ নিশা?
আজি ন–কইনাই কৰা অভিযোগে পুনৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ।

আজি ন–কইনাই কৰা অভিযোগে পুনৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ।

  • Share this:
ফুলশয্যাৰ নিশাই স্বামীগৃহৰ পৰা নিখোজ হোৱা ন–কইনা নিভাৰাণী বৰাক জাজৰি আৰক্ষীয়ে মুৰ্মূষু অৱস্থাত উদ্ধাৰ কৰিছিল ৰাজপথৰ কাষত। পিছে কেনেকৈ দৰাঘৰৰ পৰা ৰাজপথ পালেগৈ ন–কইনা, সেই লৈ সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ। কিন্তু ন–কইনা অসুস্থ হোৱাৰ বাবে আৰক্ষীয়ে এই সন্দৰ্ভত পোৱা নাছিল কোনো তথ্য। স্বামী দ্বীপজ্যোতি বৰাৰ পৰিয়ালেও এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছিল। পিছে আজি ন–কইনাই কৰা অভিযোগে পুনৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ।

কি হৈছিল ফুলশয্যাৰ নিশা?
ন–কইনা নিভাৰাণী বৰাই News18 অসমক দিয়া ভাষ্য অনুসৰি, তেওঁৰ অজ্ঞাতেই স্বামীগৃহৰ লোকে নিশাৰ আহাৰৰ সৈতে তেওঁক নিচাজাতীয় দ্ৰব্য খুৱাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে। কিন্তু কিয় এই কাৰ্য কৰিলে বুলি সোধা প্ৰশ্নৰ উত্তৰত অৱশ্যে তেওঁ একো ক'ব নোৱাৰিলে।

স্বামীগৃহৰ বিৰুদ্ধে যৌতুকৰ অভিযোগ কইনাৰ পৰিয়ালৰ :

নিভাৰাণীৰ ককায়েকৰ অভিযোগ,  হাতীচোঙৰ দ্বীপজ্যোতি বৰাৰ পৰিয়ালে বিবাহৰ বাবদ ১২ লাখ টকা দাবী কৰিছে। এই ঘটনাৰ বিৰুদ্ধে ইতিমধ্যে জাজৰি আৰক্ষী থানাত গোচৰো তৰিছে নিভাৰাণীৰ পৰিয়ালে। আনহাতে, হাস্পতালত ভৰ্তি হৈ থকা নিভাৰাণীৰ খবৰ ল'বলৈ স্বামীগৃহৰ কোনো লোক নহাৰো আক্ষেপ প্ৰকাশ কৰিছে ককায়েকে।

ঘটনাক লৈ বিমোৰত ৰাইজ :

হাতীচোঙৰ ঘটা এই আজৱ ঘটনাই বিমোৰত পেলাইছে ৰাইজক। কাৰণ কইনাৰ পৰিয়ালৰ এই অভিযোগক পোনচাটেই নস্যাৎ কৰিছে স্বামী দ্বীপজ্যোতি বৰাৰ পৰিয়ালে। পিছে কি কাৰণত এই ঘটনা সংঘটিত হ'ল সেয়া পোহৰলৈ আহিব আৰক্ষীৰ অনুসন্ধানতহে!

এয়াও পঢ়ক : ফুলশয্যাৰ নিশাই সন্ধানহীন হ'ল ন-কইনা, মুমূৰ্ষূ অৱস্থাত পথৰ দাঁতিত উদ্ধাৰ কইনাক, ঘটনা কি?
Published by: Sanjay Kumar Das
First published: December 1, 2020, 5:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading