
বৃহস্পতিবাৰে দিনৰ, ১১বজাৰ পৰা ১২বজালৈ চলা এই অভিযানত বিধায়কগৰাকীক সহযোগ কৰে যুৱমৰ্চাৰ সদস্যসকলে।
বৃহস্পতিবাৰে দিনৰ, ১১বজাৰ পৰা ১২বজালৈ চলা এই অভিযানত বিধায়কগৰাকীক সহযোগ কৰে যুৱমৰ্চাৰ সদস্যসকলে।
নগাঁও চহৰৰ বৰবজাৰ, ঢাকাইপট্টি আদি অঞ্চলত যুৱমৰ্চাৰ সদস্যসকলক লগত লৈ 'চেনিটাইজ অভিযান'ত অংশগ্ৰহণ কৰিলে বিধায়ক ৰূপক শৰ্মাই। প্ৰায় ১ঘণ্টা সময় ধৰি নিজে 'চেনিটাইজ অভিযান'ত অংশ লৈ বিধায়ক ৰূপক শৰ্মাই কয়, "ক'ৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে পৰিস্কাৰ পৰিছন্নতাৰ দিশটোত আমি অধিক গুৰুত্ব দিব লাগিব। সেয়ে পৰিস্থিতি ভাল নোহোৱা পৰ্যন্ত চহৰৰ লগতে গ্ৰামাঞ্চলৰ ভিতৰুৱা অঞ্চলসমূহত আমাৰ এই অভিযান অব্যাহত থাকিব।"
বৃহস্পতিবাৰে দিনৰ, ১১বজাৰ পৰা ১২বজালৈ চলা এই অভিযানত বিধায়কগৰাকীক সহযোগ কৰে যুৱমৰ্চাৰ সদস্যসকলে। আনহাতে, কোভিডকালীন পৰিস্থিতিত নগাঁও সদৰ সমষ্টিৰ ৰাইজক সহায়ৰ বাবে বিধায়কগৰাকীয়ে চহৰৰ লগতে গ্ৰামাঞ্চলৰো প্ৰতিটো পঞ্চায়তত দুগৰাকীকৈ স্বেচ্ছাসেৱক নিয়োগ কৰিছে। এইসকল স্বেচ্ছাসেৱকে কোৰোণাত আক্ৰান্ত হোৱা লোকক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ প্ৰস্তুত থাকিব বুলিও বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমক জনায়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|