মুখ্যপৃষ্ঠা »খবৰ »অসম »কংগ্ৰেছৰ দিনত কাজিৰঙাত বেদখল হৈছিল, বেদখলকাৰীয়ে গঁড় হত্যা কৰিছিল, আমাৰ দিনত অসমীয়াৰ স্বাৰ্থত উচ্ছেদ হৈছে: পীযুষ হাজৰিকা

কংগ্ৰেছৰ দিনত কাজিৰঙাত বেদখল হৈছিল, বেদখলকাৰীয়ে গঁড় হত্যা কৰিছিল, আমাৰ দিনত অসমীয়াৰ স্বাৰ্থত উচ্ছেদ হৈছে: পীযুষ হাজৰিকা

নগাঁও চহৰৰ মৰিকলঙত থকা বিজেপিৰ স্থায়ী কাৰ্যালয়ত নতুনকৈ নিৰ্মান হ'ব লগা তিনিমহলীয়া বাজপেয়ী ভৱনৰ আধাৰশিলা স্থাপন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা আৰু জিতু গোস্বামীয়ে।

  • Share this:
আটকধুনীয়া ৰূপত সাঁজি উলিওৱা হ'ব নগাঁও জিলা বিজেপিৰ কাৰ্যালয়। নগাঁও চহৰৰ মৰিকলঙত থকা বিজেপিৰ স্থায়ী কাৰ্যালয়ত নতুনকৈ নিৰ্মান হ'ব লগা তিনিমহলীয়া বাজপেয়ী ভৱনৰ আধাৰশিলা স্থাপন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা আৰু জিতু গোস্বামীয়ে। এই কাৰ্যসূচীত নগাঁও জিলা সভাপতি অভিজিত নাথৰ লগতে বিজেপিৰ জিলা আৰু মণ্ডল পৰ্য্যায়ৰ সকলো কৰ্মকৰ্তা উপস্থিত থাকে।

আনহাতে  মুখ্যমন্ত্ৰীৰ উচ্ছেদক সমালোচনা কৰা কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। ৰকিবুলক সমালোচনা কৰি পীযুষ হাজৰিকাই কয়, কংগ্ৰেছ চৰকাৰৰ দিনত কাজিৰঙাৰ চৌদিশে ব্যাপক হাঁৰত বেদখল হৈছিল। বেদখলকাৰীয়ে গঁড় হত্যা কৰিছিল। কংগ্ৰেছৰ দিনতে বেদখল কৰিবলৈ সুবিধা প্ৰদান কৰা হৈছিল। কিন্তু আমাৰ চৰকাৰে কাজিৰঙাৰ সুৰক্ষাৰ বাবে, অসম গৌৰৱ এশিঙীয়া গঁড়ৰ হত্যা ৰোধৰ বাবে চৌদিশে উচ্ছেদ কৰিছে তাৰ ফলত কাজিৰঙাত গঁড় হত্যা নোহোৱা হৈছে।" আনহাতে লাওখোৱাত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বিধায়ক নুৰুল হুদা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, " যদি মাটিৰ কাগজ দেখুৱাব পাৰে তেনেহ'লে দেখুওৱাক। কিন্তু বেদখলৰ বিৰুদ্ধে চৰকাৰ কেতিয়াও থমকি নৰয়।"

আনহাতে ত্ৰিপুৰাত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰিব বুলিও সংবাদ মাধ্যমক জনায় মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, নগাঁও চহৰৰ মৰিকলঙত বিধায়ক ৰূপক শৰ্মা আৰু জিতু গোস্বামীৰ সৈতে বাজপেয়ী ভৱনৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। অনাগত লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমৰ ১৪খন আসনৰ ১২খনতে জয়ী হোৱাটো নিশ্চিত বুলিও সংবাদ মাধ্যমক জনায় মন্ত্ৰীগৰাকীয়ে। ইপিনে শ্বেৰমান আলীৰ মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰীগৰাকী।

শেহতীয়া বাতৰি