• Home
  • »
  • News
  • »
  • assam
  • »
  • Nagaon BJP : নিৰ্বাচনলৈ মাজত আৰু এটা বছৰ, অসমৰ ১৪টা লোকসভা সমষ্টি দখলৰ লক্ষ্যৰে নগাঁৱত বিজেপিৰ বুথ সবলীকৰণ সভা

Nagaon BJP : নিৰ্বাচনলৈ মাজত আৰু এটা বছৰ, অসমৰ ১৪টা লোকসভা সমষ্টি দখলৰ লক্ষ্যৰে নগাঁৱত বিজেপিৰ বুথ সবলীকৰণ সভা

সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৰাজনৈতিক অপৰাধ কৰিছে- দিপ্লুৰঞ্জণ শৰ্মা

সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৰাজনৈতিক অপৰাধ কৰিছে- দিপ্লুৰঞ্জণ শৰ্মা

সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৰাজনৈতিক অপৰাধ কৰিছে- দিপ্লুৰঞ্জণ শৰ্মা

  • Share this:
২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু এটা বছৰ আছে যদিও এতিয়াৰ পৰাই দেশৰ ৫৪৩টা সমষ্টিত বিজেপিয়ে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে জোৰদাৰ প্ৰস্তুতি চলাইছে। দলটোৱে প্ৰতিটো বুথৰ সাংগঠনিক স্থিতি সবল কৰাৰ বাবে অনুষ্ঠিত কৰিছে বুথ সবলীকৰণ সভা।

বিশেষকৈ বিৰোধী ৰাজনৈতিক দলৰ দখলত থকা সমষ্টিসমূহত গেৰুৱা দলটোৱে ব্যাপক হাৰত দলীয় কৰ্মীসকলৰ মাজত সভা-সমিতি অনুষ্ঠিত কৰাৰ যো-জা চলাইছে। অসমতো ১৪টা সমষ্টি দখলৰ লক্ষ্যৰে বিজেপিয়ে আৰম্ভ কৰিছে বুথ সবলীকৰণ সভা ( Booth empowerment Meeting at Nagaon)।

কংগ্ৰেছৰ দখলত থকা নগাঁও লোকসভা সমষ্টি দখলৰ লক্ষ্যৰে বিজেপি নেতৃবৰ্গই আজি নগাঁৱত অনুষ্ঠিত কৰে বুথ সবলীকৰণ প্ৰশিক্ষণ শিবিৰ। নগাঁৱৰ নাট্যমন্দিৰত আয়োজিত প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিজেপিৰ নেতা দিপ্লুৰঞ্জণ শৰ্মা, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, শিৱু মিশ্ৰ, ৰামকৃষ্ণ ঘোষ আৰু নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথে।

বুথ সবলীকৰণ শিবিৰত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয়- ভাৰতত এতিয়া বিজেপিক (BJP) প্ৰতিহত কৰিব পৰা ৰাজনৈতিক শক্তি নাই। ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভ কৰা এই যাত্ৰালৈ ভাৰতৰ জনগণে বিপুল সমৰ্থন জনাইছে। ২০২৪তো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত পুনৰ বিজেপিৰ চৰকাৰ হোৱাটো নিশ্চিত।

আনহাতে, নগাঁও লোকসভাৰ সম্ভাব্য প্ৰাৰ্থী হিচাপে চৰ্চিত বিজেপি নেতা দিপ্লুৰঞ্জণ শৰ্মাই সাংসদ প্ৰদ্যুৎ বৰদলৈক কঠোৰ সমালোচনা কৰি কয়, "প্ৰদ্যুৎ বৰদলৈ সৰ্বকালৰ অকৰ্মণ্য সাংসদ। বানৰ সময়ত তেওঁ ৰাইজলৈ পিঠি দি ৰাজনৈতিক অপৰাধ কৰিছে।" ইপিনে নগাঁও লোকসভাত তেওঁ এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, ''আমাৰ বাবে ৰাষ্ট্ৰ প্ৰথম। দলে আমাক যি দায়িত্ব দিয়ে সেয়া আমি পালন কৰিম। কিন্তু নগাঁৱত এইবাৰ বিজেপিৰ জয় নিশ্চিত।''

তাৎপৰ্য্যপূৰ্ণভাৱে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই এই সভাত অনুপস্থিত থাকে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি