মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon News : ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় স্থানান্তৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী

Nagaon News : ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয় স্থানান্তৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী

ম'হখুলিলৈ স্থানান্তৰ কৰা হ'ল নগাঁও অসামৰিক চিকিৎসালয়

ম'হখুলিলৈ স্থানান্তৰ কৰা হ'ল নগাঁও অসামৰিক চিকিৎসালয়

ম'হখুলিলৈ স্থানান্তৰ কৰা হ'ল নগাঁও অসামৰিক চিকিৎসালয়

  • Share this:

আজি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ স্থানান্তৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।'অন্য জিলাৰ দৰে নগাঁৱতো চিভিল হাস্পতাল বৰ্তাই ৰাখক, যাতায়াতৰ সুবিধাৰ্থে আমাক নগাঁও চহৰৰ চিভিল হাস্পতালৰ পৰা বঞ্চিত নকৰিব, আওহতীয়া অঞ্চললৈ নগাঁও চিভিল হাস্পতাল স্থানান্তৰ নকৰিব' আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে।


প্ৰতিবাদকাৰী ৰাইজে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ গুৰুত্বপূৰ্ণ বিভাগসমূহ স্থানান্তৰ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ শ্বহীদগৰাকীক অপমান কৰা বুলিও মন্তব্য কৰে। ৰাইজে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰৰ বিষয়টোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰে।


তাৎপৰ্যপূৰ্ণ যে নগাঁও চিকিৎসা মহাবিদ্যালয়খন নগাঁও নলতলী পথৰ ম'হখুলিত স্থাপন কৰা হৈছে। সেই স্থানলৈ নগাঁও জিলাৰ দক্ষিণ-পশ্চিম, উত্তৰ-পশ্চিম অঞ্চলৰ পৰা বহু দূৰ। ইয়াৰ পৰিৱৰ্তে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়খন নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত।


চিকিৎসালয়খনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে সহজতে চিকিৎসা লাভ কৰিব পাৰে। এই প্ৰতিবাদী কাৰ্যসূচীত নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই সহযোগিতা কৰে।


শেহতীয়া বাতৰি