• Home
  • »
  • News
  • »
  • assam
  • »
  • ধন, টকা-পইচা নহয়, ন্যায় বিচাৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মগনীয়াৰ ভিৰ

ধন, টকা-পইচা নহয়, ন্যায় বিচাৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মগনীয়াৰ ভিৰ

নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ভিৰ কৰিলেহি বহু মগনীয়াই।

নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ভিৰ কৰিলেহি বহু মগনীয়াই।

নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ভিৰ কৰিলেহি বহু মগনীয়াই।

  • Share this:
নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ভিৰ কৰিলেহি বহু মগনীয়াই। এগৰাকী মগনীয়াক ভুৱা গোচৰত হাৰাশাস্তি কৰাকলৈ চহৰখনৰ বহু মগনীয়াই আৰক্ষী অধীক্ষকক সাক্ষাতৰ অনুমতি বিচাৰি ভিৰ কৰেহি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত।

জানিব পৰা মতে, জুৰীয়া আৰক্ষী থানাত ৰুজু হৈ থকা ১৯২/২০ নম্বৰত এটি গোচৰত মজিবুৰ ৰহমান নামৰ এজন বিশেষভাৱে সক্ষম ব্যক্তিক মুল অভিযুক্ত সঁজাইছিল জুৰীয়া আৰক্ষীয়ে। উল্লেখযোগ্য যে, আত্মহত্যা কৰা জয়দুৰ ৰহমানলৈ কন্যাক বিয়া দিছিল মজিবুৰে। ভিক্ষাবৃত্তি কৰা মজিবুৰৰ কন্যা আচমা বেগমক বিয়াৰ পিছতে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই ঘৰৰ পৰা খেদি দিছিল জয়দুৰৰ পৰিয়ালে। অতিমাত্ৰা নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলতে জয়দুৰ হেৰুৱাইছিল মানসিক ভাৰাসাম্য। যোৱা মে’ মাহত জয়দুৰে নিশা চিপ লৈ আত্মহত্যা কৰে। কিন্তু ইয়াৰ পিচতে জয়দুৰৰ পিতৃ ৰফিকুল ইছলামে মজিবুৰ ৰহমান আৰু তেঁওৰ কন্যা আচমা বেগমৰ বিৰুদ্ধে জয়নুৰক হত্যা কৰাৰ অভিযোগ তুলি এটা গোচৰ তৰে।

আনহাতে মজিবুৰ ৰহমান আৰু তেঁওৰ কন্যাক দোষী সঁজাবলৈ জয়নুৰৰ মৃতদেহ পথাৰৰ মাজত পেলাই তাক হত্যাৰ ৰূপ দিয়াৰো চেষ্টা কৰি জয়নুৰৰ পৰিয়ালে। পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এয়া আত্মহত্যা বুলি প্ৰমাণ হোৱাৰ পিছত মজিবুৰেও জুৰীয়া আৰক্ষী থানাত জয়নুৰৰ পিতৃ ৰফিকুল ইছলামৰ বিৰুদ্ধে ১৯৩/২০ নম্বৰত এটি গোচৰ ৰুজু কৰে। কিন্তু আৰক্ষীয়ে মজিবুৰে দিয়া গোচৰৰ তদন্ত কৰাৰ পৰিৱৰ্তে মজিবুৰৰ কন্যা আচমা বেগমক তেওঁৰ এবছৰীয়া কন্যা সন্তানসহ জে’ললৈ নিক্ষেপ কৰে।

স্থানীয় ৰাইজৰ সহযোগত মজিবুৰে আদালতৰ কাষ চাপে। আদালতে মজিবুৰৰ অগ্ৰিম জামিন মঞ্জুৰ কৰে যদিও তেঁওৰ কন্যা আচমা বেগমৰ জামিনৰ বাবে ধনৰ যোগাৰ কৰাত বিফল হয়। ইয়াৰ পিছতে পুনৰ জয়নুৰৰ পিতৃয়ে মজিবুৰৰ ওপৰত ৪৯৭/২০ নম্বৰৰ এটি গোচৰ জুৰীয়া আৰক্ষী থানাত ৰুজু কৰি পুনৰ মজিবুৰক জে’ললৈ নিক্ষেপ কৰাৰ চেষ্টা কৰে।

এই ঘটনাৰ পিছতে আজি ন্যায় বিচাৰি নগাওঁ আৰক্ষী অধীক্ষকৰ ওচৰত ভিৰ কৰেহি মজিবুৰৰ সৈতে ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা বহু মগনীয়াই। নগাঁও আৰক্ষী অধীক্ষকে অৱশ্যে মজিবুৰ ৰহমানক উচিত ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে। বিশেষ ভাৱে সক্ষম এজাক মগনীয়াই এইদৰে ন্যায়ৰ বাবে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ভিৰ কৰিবলগীয়া হোৱা দৃশ্যই চহৰখনৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by:Himangshu Bhuyan
First published: