নগাঁৱৰ বেবেজীয়া আৰক্ষী চকীৰ অন্তৰ্গত কৃষ্ণাইখাটত বৃহস্পতিবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন ব্যক্তি নিহত হয়। নিহত ব্যক্তি গৰাকীৰ নাম নিৰজ্ঞন নাথ। এখন আলট্ৰা ট্ৰাক আৰু স্কুটীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।
আৰক্ষী সুত্ৰে জানিব পৰা মতে গুৱাহাটীৰ দিশে গৈ থকা এ এছ ১২ বি চি ৩৯৫১ নম্বৰৰ আলট্ৰা ট্ৰাক খনে নগাঁৱৰ দিশে গৈ থকা এএছ ০২ এক্স ৫১৫৩ নম্বৰৰ স্কুটীখনত সন্মুখৰ পৰা খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।দূৰ্ঘটনাটোত স্কুটী চালক নিৰঞ্জন নাথ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।পৰৱৰ্তী সময়ত তেওঁক চিকিৎসাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে ব্যক্তিগৰাকীৰ মৃত্যু হয়। নিহত নিৰজ্ঞন নাথৰ ঘৰ ৰহাৰ দীঘলদৰীত।ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা আলট্ৰা ট্ৰাকখনক জব্দ কৰা লগতে চালক জনক আৰক্ষীয়ে আটক কৰিছে।