বটদ্ৰৱা থানা আক্ৰমণৰ গোচৰত নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী গোটে বৰ্তমানলৈকে ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানলৈকে ২৫জন লোকক আৰক্ষীয়ে আটক কৰিছে যদিও ইয়াৰে ১৫ গৰাকী লোকক সোধ-পোছৰ পিছত আৰক্ষীয়ে মোকোলাই দিছে।
উল্লেখযোগ্য যে, কোনো নিৰ্দোষী লোককে হাৰাশাস্তি নগাঁও আৰক্ষীয়ে নাই কৰা বুলিও নগাঁও আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জনাইছিল। বৃহস্পতিবাৰে নিশা দৰঙৰ ধূলা আৰক্ষীয়ে বটদ্ৰৱা কাণ্ডৰ মুল অভিযুক্তসকলৰ অন্যতম আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা) নিৰুপম হাজৰিকাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই আন এজন অভিযুক্ত ইমৰাণ হুছেইনক গ্ৰেপ্তাৰ কৰিছে।
ধৃত ইমৰাণে আৰক্ষীক প্ৰহাৰ কৰাৰ দৃশ্যাংশৰ ভিডিঅ' ফুটেজত স্পষ্ট হৈছে। আৰক্ষীয়ে আজিৰ দিনটোত অভিযান চলাই মাইনুল হক নামৰ আন এজন লোককো আটক কৰিছে। ইপিনে ঘটনাৰ মূল অভিযুক্ত আল্লাউদ্দিনে সংবাদ মাধ্যমৰ সন্মুখত নিজকে নিৰ্দোষী বুলিও দাবী কৰিছে।
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই গঠন কৰা বিশেষ অভিযানকাৰী গোটৰ নেতৃত্ব বহন কৰা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্তৰ সংখ্যা ২০ৰ পৰা ২৫জন হ'ব। সকলো অভিযুক্তকে শীঘ্ৰেই গ্ৰেপ্তাৰৰ বাবে নগাঁও আৰক্ষীয়ে অভিযান চলাই থকাৰ কথাও সংবাদ মাধ্যমক অৱগত কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাই।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : May 28, 2022, 02:50 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।