নগাঁৱৰ এগৰাকী আয়ুস্মান মিত্ৰৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে চিন্তিত হৈ পৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগ।
নগাঁৱৰ এগৰাকী আয়ুস্মান মিত্ৰৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে চিন্তিত হৈ পৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগ।
নগাঁৱৰ এগৰাকী আয়ুস্মান মিত্ৰৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ লগে লগে চিন্তিত হৈ পৰিছে নগাঁও জিলা স্বাস্থ্য বিভাগ। নগাঁৱৰ ‘ডিউ কেয়াৰ নাৰ্ছিং হোম’ত আয়ুস্মান ভাৰত অভিযানৰ অধীনত আৰোগ্য মিত্ৰ হিচাপে কৰ্মৰত কংকন মুদৈ নামৰ যুৱক জনৰ দেহত কোৰোণাৰ অৱস্থিতি শুকুৰবাৰে প্ৰমাণিত হয়।
দুদিন আগলৈকে কৰ্তব্যত নিয়োজিত কংকন বুকুৰ বিষত আক্ৰান্ত হৈ বৃহস্পতিবাৰে নগাঁৱৰ জি ডি নাৰ্ছিং হোমত ভৰ্তি হৈছিল। আই চি ইউত চিকিৎসাধীন অৱস্থাতে কংকনৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফলত কোৰোণা ধৰা পৰে। ফলত এতিয়া নাৰ্ছিং হোমত কৰ্মৰত বহু চিকিত্সক, স্বাস্থ্যকৰ্মী কোৱাৰেণ্টাইন হোৱাৰ সম্ভাৱনাই দেখা দিছে।
ইতিমধ্যে দুয়োখন নাৰ্ছিং হোমেই জিলা প্ৰশাসনে ছীল কৰাৰ সম্ভাৱনা আছে। ইপিনে বিনা নিযুক্তি পত্ৰ তথা বিনা বেতনৰে কৰ্তব্যত নিয়োজিত আয়ুস্মান ভাৰত অভিযানৰ আৰোগ্য মিত্ৰ সকলৰ মাজৰ কংকন মুদৈ কোৰোণাত আক্ৰান্ত হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে তেঁওৰ সৈতে একলগে কৰ্মৰত বহু আৰোগ্য মিত্ৰ। জানিব পৰা মতে, কংকন মুদৈৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|