নগাঁৱত অসমীয়া ডেকাই দেখুৱালে বীৰত্ব, আটক কৰিলে অস্ত্ৰধাৰী দুধৰ্ষ ডকাইতক

News18-Assam
Updated:September 11, 2019, 9:22 PM IST
নগাঁৱত অসমীয়া ডেকাই দেখুৱালে বীৰত্ব, আটক কৰিলে অস্ত্ৰধাৰী দুধৰ্ষ ডকাইতক
নগাঁৱৰ পৰা ৰূপহীলৈ যোৱাৰ পথত আত্মগোপন কৰিছিল ডকাইতৰ দলটোৱে

নগাঁৱৰ পৰা ৰূপহীলৈ যোৱাৰ পথত আত্মগোপন কৰিছিল ডকাইতৰ দলটোৱে

  • News18 Assam
  • Last Updated: September 11, 2019, 9:22 PM IST
  • Share this:
নীলোৎপল বৰা: নগাঁৱৰ টেলিয়াপহুকটাত কেইজনমান যুৱকে অত্যাধুনিক নাইন এম এম পিষ্টল সহ এটা দুধৰ্ষ ডকাইটক খেদি খেদি আটক কৰে। জানিব পৰা মতে আজি দুপৰীয়া আৰক্ষীৰ এটা দলে খেদি আহিছিল স্কুটীত আহি থকা তিনিজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলক। নগাঁৱৰ পৰা ৰূপহীলৈ যোৱাৰ পথত নগাঁৱৰ টেলিয়াপহুকটা পথাৰত ডকাইটৰ দলটোৱে স্কুটী পেলাই গাঁওখনৰ বাঁহতলীত আত্মগোপন কৰে।

আৰক্ষীৰ দলটোৱে ডকাইত কেইটাক বিচাৰি নাপাই উভতি যোৱাৰ পিছতে সন্ধ্যা ডকাইটৰ দলটোৰ তিনিজন সদস্যক প্ৰত্যক্ষ কৰে।ইয়াৰ পিছতে গাঁওখনৰ ৬গৰাকী সাহসী যুৱকে অস্ত্ৰধাৰী ডকাটৰ দলটোক খেদি যায়। ডকাইটৰ দলটোৱে নিৰস্ত্ৰ যুৱক কেইগৰাকীক গুলীওৱাৰ ভাবুকি দিয়ে।

কিন্তু ডকাইতৰ ভয় ভাবুকিলৈ গুৰুত্ব নিদি অৱশেষত যুৱককেইজনে খেদি খেদি অত্যাধুনিক নাইন এম এম পিষ্টল সহ আটক কৰে চাহাবুদ্দিন নামৰ এটা ডকাইটক। ইয়াৰ পিছতে টেলিয়া পহুকটাৰ ৰাইজে উত্তম-মধ্যম সোধাই ডকাইটটোক আৰক্ষীক গতাই দিয়ে।আনহাতে নিৰস্ত্ৰ অৱস্থাৰে মৰসাহ কৰি ডকাইট ধৰা গাঁৱৰ যুৱককেইজনে কয় এয়া হৈছে অসমীয়া ডেকাৰ শক্তি। গাঁওখনত এতিয়াও পলাতক আন ২ ডকাইটৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
First published: September 11, 2019, 9:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading