• Home
  • »
  • News
  • »
  • assam
  • »
  • শিক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও অন্তৰায় হ'ব নোৱাৰে: নগাঁৱত শিক্ষাবিদ ড° হিতেশ ডেকাৰ মন্তব্য

শিক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও অন্তৰায় হ'ব নোৱাৰে: নগাঁৱত শিক্ষাবিদ ড° হিতেশ ডেকাৰ মন্তব্য

নগাঁৱত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অসম ছাত্ৰ পৰিষদৰ। বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন উপাচাৰ্য্য ড° হিতেশ ডেকাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত কয় যে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্ৰছাত্ৰী সকলৰ নতুন যাত্ৰাৰ আৰম্ভ হয় ৷

নগাঁৱত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অসম ছাত্ৰ পৰিষদৰ। বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন উপাচাৰ্য্য ড° হিতেশ ডেকাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত কয় যে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্ৰছাত্ৰী সকলৰ নতুন যাত্ৰাৰ আৰম্ভ হয় ৷

নগাঁৱত স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অসম ছাত্ৰ পৰিষদৰ। বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন উপাচাৰ্য্য ড° হিতেশ ডেকাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত কয় যে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্ৰছাত্ৰী সকলৰ নতুন যাত্ৰাৰ আৰম্ভ হয় ৷

  • Share this:
নগাঁও জিলা পুথিভৰাল সভাগৃহত আজি অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদ আৰু অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা  নগাঁৱৰ কীৰ্তিমান ছাত্র -ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।

নগাঁও জিলা অগপৰ সভাপতি  মণিমাধৱ মহন্তৰ সভাপত্বিত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন উপাচাৰ্য্য ড° হিতেশ ডেকাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত কয় যে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ছাত্ৰছাত্ৰী সকলৰ নতুন যাত্ৰাৰ আৰম্ভ হয় ৷ এই যাত্ৰা পথ সেন্দূৰীয়া নহয় ,কাইটীয়া ৷ সেয়ে ছাত্ৰছাত্ৰী সকলে নিজৰ জীৱন যাত্ৰাত সঠিক দিশেৰে আগবাঢ়ি যাব লাগিব ৷ পৰীক্ষাত ষ্টেণ্ড কৰা বিষয়টোৰ দুৰ্ঘোৰ বিৰোধী বুলি মন্তব্য কৰি ড° ডেকাই কয় যে ষ্টেণ্ড কৰা ধাৰণা ভুল ৷মই এনে ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰী নিবিচাৰো, যিয়ে চাকৰি পোৱাৰ পিছত নিজৰ বৃদ্ধা পিতৃ-মাতৃক পথত এৰি থৈ আহে ৷ মই এনে ছাত্ৰ-ছাত্ৰী বিচাৰো যি ছাত্ৰ-ছাত্ৰীয়ে নিজৰ গাওঁ খনৰ কথা, নিজৰ স্কুল খনৰ কথা চিন্তা কৰে ৷ বানপীড়িত লোকক সহায়ৰ বাৱে আগবাঢ়ি আহে ৷ সমাজ জীৱনৰ লগত জড়িত হৈ পৰে ৷ সেয়া লাগিলে তৃতীয় বিভাগতেই উত্তীৰ্ণ হওঁক, দ্বিতীয় বিভাগতেই উত্তীৰ্ণ হওঁক ৷ ভাষণ প্ৰসংগত বৃদ্ধাশ্ৰমৰ প্ৰসংগ উল্লেখ কৰি ড° ডেকাই কয় - অসমত বৃদ্ধাশ্ৰমৰ প্ৰসংগ ক'ৰ পৰা আহিল ৷ অসমৰ সমাজ জীৱনত বৃদ্ধাশ্ৰমৰ প্ৰয়োজন আছে বুলি ভবাটো আচলতে উচিত নহয় ৷ মোবাইল ফোনৰ প্ৰসংগ উল্লেখ কৰি ড° ডেকাই কয়-বৰ্তমানৰ প্ৰযুক্তি বিদ্যাৰ যুগত সকলোকে আধুনিক প্ৰযুক্তি বিদ্যা সম্পন্ন মোৱাইল ফোনৰো প্ৰয়োজন আছে যদিও ইয়াৰ সঠিক ব্যৱহাৰ হ'ব লাগিব ৷ মোৱাইল ফোনক ভাল কামতো ব্যৱহাৰ কৰিব পাৰি আৰু বেয়া কামতো ব্যৱহাৰ কৰিব পাৰি। ভাল কামত ব্যৱহাৰ কৰিলে আমি সঠিক দিশেৰে আগুৱাই যাব পাৰিম ৷ ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ ক্ষেত্ৰত কিছু মুকলি মনেৰে আগবাঢ়ি যোৱাত অভিভাৱক সকলে সহায় কৰা উচিত ৷ তেওঁ লগতে কয় আমাৰ ষ্টেণ্ড কৰা সকলৰ অধিকাংশই পৰৱৰ্তী সময়ত অসমৰ বাহিৰত অধ্যয়ন কৰি তাতেই সংস্থাপিত হয় । স্বদেশ আৰু জাতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাথাকে ৷ স্বদেশ আৰু স্বজাতিৰ প্ৰতি দায়বদ্ধ থাকিলেহে আমাৰ সমাজ আৰু জাতি আগুৱাই যাব ৷ সভাত অংশগ্ৰহণ কৰি অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নিজৰ ভাষণত কয় - ছাত্ৰছাত্ৰী সকলে নিজকে ভাল পাবলৈ শিকিব লাগিব৷ তেতিয়া সকলো কথা ভালদৰে আগবাঢ়ি যাব। ষ্টেণ্ড কৰিলেই যে বিজ্ঞান শাখাত নামভৰ্তি কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই ৷ কোনটো বিষয়ত অধ্যয়ন কৰিলে আগবাঢ়ি যাব পাৰিম সেইটোহে আচল কথা ৷ মূল কথাটো হল ছাত্ৰছাত্ৰীসকল নিজৰ লক্ষ্যত উপনীত হব লাগিব ৷ প্ৰযুক্তিবিদ্যাত কিছু খেলিমেলি আছে যদিও সঠিকভাৱে প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিব লাগিব ৷  ছাত্ৰছাত্ৰী সকলে এই ক্ষেত্ৰত শুদ্ধ সিদ্ধান্ত ল'ব লাগিব ৷ কভিড পৰিস্থিতিৰ বাবে আমি ছাত্ৰ-ছাত্ৰী সকলক অনলাইন ব্যৱস্থাৰে শিক্ষা দান দিব পাৰিছো৷ প্ৰযুক্তি নহলে এয়া সম্ভৱ  নহ'লহেতেন ৷ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰী সকলক নিজৰ অঞ্চলত মেট্ৰিক দিব লগা ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ ক্ষেত্ৰত উৎসাহিত দিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। সভাত প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা ,অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই ,অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা আদিয়ে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষন প্ৰদান কৰে ৷ যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দিপুজ্বল ৰাজখোৱা ,সম্পাদক কাশ্যপ ফুকন আৰু ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিৰ সভাপতি পল কুমাৰ বৰদলৈয়ে অনুষ্ঠানৰ আত ধৰে ৷ সভাতেই এইবাৰ স্থান লাভ কৰা নগাঁৱৰ শিক্ষানুষ্ঠানৰ মুৰব্বী সকলৰ লগতে জিলাখনৰ কৃৰ্তীমান  ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ৷ তদুপৰি আৰ্থিকভাৱে দূৰ্বল দহ গৰাকী কৃতী শিক্ষাৰ্থীক জলপানি প্ৰদান কৰা হয় ৷
Published by:Kokil Sarma
First published: