உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পত্নীক বিচাৰি হাহাকাৰ নগাঁৱৰ এজন সেনা জোৱানৰ

    পত্নীক বিচাৰি হাহাকাৰ নগাঁৱৰ এজন সেনা জোৱানৰ

    ১০ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে পত্নী

    ১০ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে পত্নী

    ১০ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে পত্নী

    • Share this:
    জম্মু-কাশ্মীৰত কৰ্মৰত সেনা জোৱানৰ পত্নীৰ ৰহস্যজনক নিৰুদ্দেশক কেন্দ্ৰ কৰি নগাঁৱত চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে নগাঁও জিলাৰ কঠিয়াতলি নিবাসী তথা জম্মু কাশ্মীৰত সেনাৰ যুঁজাৰু টেংক বাহিনীত কৰ্মৰত সেনা জোৱান শৰৎ বৰুৱাৰ পত্নী পম্পী বৰুৱা যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে।

    ১০ ফেব্ৰুৱাৰীৰ পুৱা কঠিয়াতলিৰ বেংকলৈ আহি হঠাৎ নিৰুদ্দেশ হৈ পৰা পত্নীক বিচাৰি বৰ্তমান হাহাকাৰ কৰিছে স্বামী শৰৎ বৰুৱাই। পত্নীৰ নিখোজ হোৱাৰ খবৰ পোৱাৰ লগে লগে জম্মু-কাশ্মীৰৰ পৰা অসমলৈ আহি পত্নীৰ সন্ধান কৰা সেনাৰ জোৱান তথা স্বামী শৰৎ বৰুৱাৰ সন্দেহ কোনো দুষ্ট চক্ৰই অপহৰণ কৰি লৈ গৈছে পত্নীক। ইপিনে সেনা জোৱান গৰাকীয়ে এই সন্দৰ্ভত কামপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে যদিও বৰ্তমানলৈকে পত্নীৰ কোনো সন্ধান পোৱা নাই।
    Published by:Himangshu Bhuyan
    First published: