• Home
  • »
  • News
  • »
  • assam
  • »
  • 'দেশৰ বাবে সেৱা আগবঢ়াবলৈ পাই গৌৰৱ অনুভৱ কৰিছো, এতিয়াৰে পৰা অধিক নিষ্ঠাৰে কৰ্মত ব্ৰতি হ'ম', নগাঁৱত প্ৰথমগৰাকী কোৰোণা ভেকচিন ল'বলগীয়া স্বাস্থ্যকৰ্মীৰ প্ৰতিক্ৰিয়া

'দেশৰ বাবে সেৱা আগবঢ়াবলৈ পাই গৌৰৱ অনুভৱ কৰিছো, এতিয়াৰে পৰা অধিক নিষ্ঠাৰে কৰ্মত ব্ৰতি হ'ম', নগাঁৱত প্ৰথমগৰাকী কোৰোণা ভেকচিন ল'বলগীয়া স্বাস্থ্যকৰ্মীৰ প্ৰতিক্ৰিয়া

উল্লেখযোগ্য যে, বৰ্তমানলৈকে নগাঁৱত ৯১৫৭ গৰাকী ব্যক্তি কোৰোণাত আক্ৰান্ত হৈছে। অৱশ্যে বিগত ৮দিনে নগাঁৱত এজনো ৰোগীৰ দেহত পোৱা নাই কোৰোণাৰ সংক্ৰমণ।

  • Share this:
"ক'ভিড ভেকচিনে আমাক আৰু শক্তিশালী কৰিব। এতিয়াৰে পৰা আৰু শক্তিশালী ৰূপত আমি ক'ভিডৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব পাৰিম। ক'ভিড ভেকচিনে আমাৰ উপকাৰহে কৰিব, ইয়াৰ অপকাৰিতাৰ বিষয়ে সামাজিক মাধ্যমত সৃষ্টি কৰা অপপ্ৰচাৰক আমি গুৰুত্ব নিদিও।" এই মন্তব্য নগাঁৱত ভেকচিন গ্ৰহণ কৰিবলগীয়া প্ৰথমগৰাকী ক'ভিড যোদ্ধা লাৱণ্য দেৱীৰ।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ লগতে নগাঁৱৰ ক'ভিড যোদ্ধা সকলৰ সৈতেও ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে মিলিত হ'ব। নগাঁৱত আজি ১০০গৰাকী স্বাস্থ্যকৰ্মীক প্ৰদান কৰা হ'ব ক'ভিড ভেকচিন। ইতিমধ্যে ইয়াৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

ইপিনে নগাঁও জিলাত ভেকচিন লোৱা প্ৰথমগৰাকী ব্যক্তি হিচাপে গৌৰৱান্বিত বুলিও মত ব্যক্ত কৰিলে লাৱণ্য দেৱীয়ে। জ্যেষ্ঠ এএনএম নাৰ্ছ হিচাপে কৰ্মৰত লাৱণ্য দেৱীয়ে নিউজ১৮ অসমক কয়, " কোৰোণাৰ ভয়াৱহতাৰ সময়ত দেশৰ বাবে সেৱা আগবঢ়াবলৈ পায় সদায় আনন্দ অনুভৱ কৰিছিলো। এতিয়া ভেকচিন গ্ৰহণ কৰাৰ পিছত আৰু অধিক নিষ্ঠাৰে সেৱা আগবঢ়াব পাৰিম। আমাক ভেকচিন প্ৰদান কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাইছো।"

উল্লেখযোগ্য যে, বৰ্তমানলৈকে নগাঁৱত ৯১৫৭ গৰাকী ব্যক্তি কোৰোণাত আক্ৰান্ত হৈছে। অৱশ্যে বিগত ৮দিনে নগাঁৱত এজনো ৰোগীৰ দেহত পোৱা নাই কোৰোণাৰ সংক্ৰমণ।
Published by:Himangshu Bhuyan
First published: