• Home
  • »
  • News
  • »
  • assam
  • »
  • নগাঁৱত কংগ্ৰেছৰ ভেটি দুৰ্বল কৰাৰ আপ্ৰাণ চেষ্টা ৰিপুণ বৰাৰ, কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান বহু কৰ্মীৰ ...

নগাঁৱত কংগ্ৰেছৰ ভেটি দুৰ্বল কৰাৰ আপ্ৰাণ চেষ্টা ৰিপুণ বৰাৰ, কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান বহু কৰ্মীৰ ...

নগাঁৱত বুধবাৰে অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছৰ এক বৃহৎ যোগদান সভা। তৃণমূল কংগ্ৰেছৰ ৰাজ্যিকৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান সভাখনত বিভিন্ন দলৰ পাঁচ শতাধিক কৰ্মীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে।

  • Share this:
নগাঁৱত বুধবাৰে অনুষ্ঠিত হয় তৃণমূল ক‌ংগ্ৰেছৰ এক বৃহৎ যোগদান সভা। তৃণমূল ক‌ংগ্ৰেছৰ ৰাজ্যিকৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান সভাখনত বিভিন্ন দলৰ পাঁচ শতাধিক কৰ্মীয়ে তৃণমূল ক‌ংগ্ৰেছত যোগদান কৰে।

নগাঁও জিলাৰ যুৱ ব্যৱসায়ী ময়ূৰ মজুমদাৰৰ নেতৃত্বত যোগদান কৰে পাঁচ শতাধিক বিভিন্ন দলৰ কৰ্মীয়ে।নগাঁও চহৰৰ কমলা দেৱী টোডী ভৱনত অনুষ্ঠিত যোগদান কাৰ্যসূচীত উপস্থিত থাকে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাংগঠনিক সম্পাদক অৰূপজ্যোতি ভূঞা, দিগন্ত ভূঞা, ৰাজ্যিক যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি বনদ্বীপ দত্ত, মিডিয়া বিভাগৰ সভাপতি দিলীপ শৰ্মা প্ৰমুখ্যে দলটোৰ বিষয়ববীয়া সকল।উল্লেখযোগ্য যে ইতিমধ্যে সমগ্ৰ অসমতে ব্যাপক তৎপৰতা আৰম্ভ কৰা ৰিপুন বৰা নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে নগাঁও জিলাতো আজি বৃহৎ যোগদানৰ কাৰ্যসূচীৰে চমক সৃষ্টি কৰে।যোগদান সভাত তৃণমূল ক‌ংগ্ৰেছৰ  সভাপতি ৰিপুন বৰাই কয় যে বৰ্তমান সময়ত শাসক পক্ষৰ বিভিন্ন জনবিৰোধী কাৰ্যকলাপক প্ৰতিহত কৰিবৰ বাবে অসমত তৃণমূল ক‌ংগ্ৰেছ‌েই একমাত্ৰ শক্তিশালী বিৰোধী দল হিচাপে বিবেচিত হৈছে। আনহাতে তৃণমূল ক‌ংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই পি এফ আই নিষিদ্ধ কৰা সন্দৰ্ভত সংবাদমাধ্যমৰ আগত  কয় যে দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত কাৰো সৈতে আপোচ কৰা নাযায়।আইনে সকলো বিচাৰ কৰিব ।সকলো ৰাজহুৱা কৰিব লাগে চৰকাৰে। আনহাতে  পানীৰ ওপৰত চৰকাৰে কৰ আৰোপ কৰিব বিচৰা  সন্দৰ্ভত ৰিপুন বৰাই কয় বিজেপি হৈছে পুঁজিপতিৰ চৰকাৰ।পুঁজিপতিৰ কৰ ৰেহাই দি জনতাৰ ওপৰত কৰ আৰোপ কৰে এই চৰকাৰে।পানীৰ ওপৰত কৰ লগাই চৰকাৰে মানৱ অধিকাৰ খৰ্ব কৰা বুলি ৰিপুন বৰাই চৰকাৰক সমালোচনা কৰে ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি