নগাঁৱৰ এখন মহাবিদ্যালয়ৰ প্ৰৱক্তাসকলে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। ক'ভিদত সৰ্বস্ব হেৰুওৱা এটি পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিল মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা।
নগাঁৱৰ এখন মহাবিদ্যালয়ৰ প্ৰৱক্তাসকলে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। ক'ভিদত সৰ্বস্ব হেৰুওৱা এটি পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিল মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা।
এটি দুৰ্ভগীয়া পৰিয়াল। ক'ভিদত আক্ৰান্ত এই পৰিয়ালটিয়ে হেৰুৱালে স্বামী তথা পিতৃ তুলন দাসক। ৰিক্সা চলাই পৰিয়াল চলোৱা তুলন দাসে ক'ভিদত আক্ৰান্ত হৈ যোৱা ২৫জুনত মৃত্যুক সাৱতি লৈছিল। একেদিনাই ক'ভিদত আক্ৰান্ত হৈ নগাঁৱৰ এডিপি কলেজৰ কলেজৰ ক'ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি হৈছিল পত্নী , কন্যা আৰু পুত্ৰ পৰাগ দাস। স্বামী আৰু পিতৃক হেৰুৱাই মূৰত সৰগ ভাগি পৰা পৰিয়ালটিক বৰ্তমান সহায় কৰিবলৈ আগবাঢ়ি আহিছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী। পৰিয়ালটিক ক'ভিড কেয়াৰ চেণ্টাৰতে হিন্দু ৰীতি-নীতি মতে মৃতকৰ আত্মীয়ই পালন কৰিব লগা সকলো সুবিধাও আগবঢ়াইছে অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীয়ে।
ইপিনে, মৃত তুলন দাসৰ দুই সন্তানৰ শিক্ষাৰ দায়িত্ব লৈছে মহাবিদ্যালয়খনৰ শিক্ষয়ত্ৰী ড° নীতা শৰ্মাই। পৰিয়ালটিয়ে মৃত তুলন দাসৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিবৰ বাবেও মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলে নিজা দান-বৰঙণি সংগ্ৰহ কৰি ৫৫হাজাৰ টকা আগবঢ়াইছে। আজিৰ এই যুগত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতী তথা প্ৰৱক্তাসকলে দেখুওৱা মহানুভৱতাক শলাগিছে সকলোৱে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|