নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ হাৰ্বেল ছায়েন্স বিভাগৰ দুগৰাকী অধ্যাপিকাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছত আজি হাৰ্বেল ছায়েন্স বিভাগে এক সংবাদমেলৰ আয়োজন কৰি অধ্যাপিকা দুগৰাকীৰ অভিযোগক ভুৱা বুলি অভিহিত কৰাৰ লগতে অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীৰ বিৰুদ্ধে এয়া এক ষড়যন্ত্ৰ বুলি অভিহিত কৰে।
হাৰ্বেল ছায়েন্স বিভাগৰ প্ৰবক্তা আৰু কৰ্মচাৰীয়ে এগৰাকী অধ্যাপকৰ নেতৃত্বত অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীক অপসাৰণৰ বাবেই এই ষড়যন্ত্ৰ ৰচিত হোৱাৰ বিষয়ে অভিযোগ তোলে। হাৰ্বেল ছায়েন্স বিভাগে যৌন নিৰ্যাতনৰ গোচৰ দিয়া এগৰাকী অধ্যাপিকাই অধ্যক্ষৰ কোঠাৰ সন্মুখত বনোৱা হিন্দী গীতৰ টিকটক ভিডিঅ' প্ৰদৰ্শন কৰি এনে মানসিকতাক ধিক্কাৰ দিয়ে।
আনহাতে অহা ২০এপ্ৰিলত নাকৰ দলে কলেজখন পৰিদৰ্শন কৰাৰ আগমুহূৰ্তত অধ্যাপিকা দুগৰাকীয়ে কৰা ষড়যন্ত্ৰই মহাবিদ্যালয়খনক সৰ্বপ্ৰকাৰে ক্ষতিগ্ৰস্ত কৰিব বুলিও ক্ষোভ প্ৰকাশ কৰে মহাবিদ্যালয়খনত কৰ্মৰত কৰ্মচাৰীসকলে। মহাবিদ্যালয়খনত কৰ্মৰত মহিলা কৰ্মচাৰীসকলেও এই অভিযোগক ভুৱা বুলি অভিহিত কৰে।
উল্লেখ্য যে ইতিমধ্যে দুয়োটা পক্ষৰে অভিযোগৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে দুটাকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্ততহে ঘটনাৰ বিষয়ে স্পষ্টকৈ জানিব পৰা যাব।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|