লক ডাউনৰ সময়ছোৱাত উপাৰ্জনহীন হোৱা পৰিয়ালসমূহক সহায় কৰাৰ বাবে চৰকাৰে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন কৰ্মচাৰীয়ে নিজা প্ৰচেষ্টাত বহু পৰিয়াললৈ আগবঢ়াইছে সহায়ৰ হাত।
অসমৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইয়ো প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালক নুন্যতম ৫টা পৰিয়ালক সহায় কৰাৰ বাবে আহ্বান জনাইছিল। স্বাস্থ্যমন্ত্ৰী গৰাকীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসে বহাগৰ দ্বিতীয়টো দিনত জিলাখনৰ ঘাহি , হাতীগড় আদি অঞ্চলৰ ২০০টা পৰিয়াললৈ আগবঢ়ালে সহায়ৰ হাত।
উপায়ুক্ত গৰাকীয়ে জিলা প্ৰশাসনৰ কৰ্মচাৰীৰ সহযোগত গোঁসাই বিহুৰ দিনা কেইবাখনো গাঁৱৰ নামঘৰত উপস্থিত হৈ খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। প্ৰতিটো নামঘৰতে সামাজিক ব্যৱধানৰ দিশটোত গুৰুত্ব আৰোপ কৰি বিষয়াগৰাকীয়ে গাঁৱৰ ৰাইজক সাহায্য সামগ্ৰী বিতৰণ কৰাৰ লগতে গাঁও কেইখনৰ পৰিস্কাৰ পৰিছন্নতাৰ দিশটোতো গুৰুত্ব আৰোপ কৰে।
উল্লেখযোগ্য যে নগাঁও জিলা প্ৰশাসনৰ খাদ্য আৰু যোগান বিভাগৰো দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালসমূহক নিজা প্ৰচেষ্টাত সাহাৰ্য সামগ্ৰী বিতৰণ কৰাৰ পদক্ষেপক সকলোৱে শলাগ লৈছে। আনহাতে চৰকাৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত খেলিমেলি কৰা কেইবাজনো দূৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ বিৰুদ্ধেও বিষয়াগৰাকীয়ে বিগত দিনকেইটাত কঠোৰ ব্যৱস্থা লোৱাৰ ফলস্বৰূপেই নগাঁৱৰ দুজনকৈ পঞ্চায়ত সচিব নিলম্বিতও হৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|