আদালতৰ দুৱাৰদলিত এগৰাকী আইতা। ৫০ বছৰ একেলগে সংসাৰ কৰা স্বামীৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল পুষ্পলতা বৰা নামৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধা। ঘটনাটো সংঘটিত হৈছে নগাঁৱত।
বৰ্তমান আইতাৰ ঠিকনা বৃদ্ধাশ্ৰম। আইতাৰ অভিযোগ- পাথৰিস্থিত স্বামী ভৱকান্ত বৰাই প্ৰায়েই শাৰীৰিক নিৰ্যাতন চলাই আহিছে তেওঁৰ ওপৰত। আনকি শাৰীৰিক ভাৱে প্ৰহাৰ কৰি কিছুদিন পূৰ্বে পুষ্পলতা বৰাক ঘৰৰ পৰাও উলিয়াই দিয়ে। আৰু এতিয়া জীয়ৰীক লগত লৈ স্বামী ভৱকান্ত বৰাৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল এইগৰাকী আইতা।
আইতাগৰাকীয়ে জনোৱা মতে, নগাঁৱৰ আৰক্ষী অধিক্ষকৰ কাৰ্যালয়ত চাকৰি কৰিছিল বৃদ্ধাগৰাকীৰ স্বামী ভৱকান্ত বৰাই। পুত্ৰৰ বিয়োগৰ পিছত পুত্ৰৰ পৰিয়ালৰ সৈতেই বাস কৰি আহিছে ভৱকান্ত বৰা।মহিলাগৰাকীৰ জীয়ৰীৰ অভিযোগ, ভৱকান্ত বৰাই ইতিমধ্যে তেওঁলোকৰ সকলো সা-সম্পত্তি বোৱাৰীয়েকৰ পৰিয়ালৰ নামত লিখি দিছে।
আদালতৰ চৌহদত এনেদৰে স্বামীৰ বিৰুদ্ধে ডিৰ্ভোৰ্চ বিচাৰি অহা আইতাক দেখি আচৰিত হৈ পৰে সকলো।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|