‘আমি উত্তীৰ্ণ হোৱাৰ সময়ত কোনো নিৰ্বাচন নাছিল, সেয়েহে আমি বঞ্চিত হ’লো’- নগাঁৱত স্কুটী বঞ্চিত ছাত্ৰীৰ সংবাদমেল

News18 Assam | News18-Assam
Updated:August 29, 2020, 2:44 PM IST
‘আমি উত্তীৰ্ণ হোৱাৰ সময়ত কোনো নিৰ্বাচন নাছিল, সেয়েহে আমি বঞ্চিত হ’লো’- নগাঁৱত স্কুটী বঞ্চিত ছাত্ৰীৰ সংবাদমেল
"আমাক স্কুটী লাগিবই,  আমাক বঞ্চিত নকৰিব" এই আহ্বানৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে নগাঁৱৰ বহু মেধাৱী ছাত্ৰীয়ে।

"আমাক স্কুটী লাগিবই,  আমাক বঞ্চিত নকৰিব" এই আহ্বানৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে নগাঁৱৰ বহু মেধাৱী ছাত্ৰীয়ে।

  • Share this:
"আমাক স্কুটী লাগিবই,  আমাক বঞ্চিত নকৰিব" এই আহ্বানৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিলে নগাঁৱৰ বহু মেধাৱী ছাত্ৰীয়ে। নগাঁৱৰ আনন্দৰাম বৰুৱা জুনিয়ৰ কলেজত এখন সংবাদমেলৰ আয়োজন কৰি ২০১৮-১৯ বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰী সকলে তেওঁলোকক স্কুটী লাভৰ পৰা বঞ্চিত নকৰিবলৈ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়।

মেধাৱী ছাত্ৰী সকলে কয়, "২০২১ৰ নিৰ্বাচনৰ বাবে এতিয়া ছাত্ৰী সকলক স্কুটী দিয়াৰ কথা চৰকাৰে কৈছে। কিন্তু আমাৰ দিনত কিয় নিদিলে। আমাতকৈ আগত উৰ্ত্তীণ হোৱা ২০১৭ৰ বৰ্ষৰ ছাত্ৰীসকলক দিয়া হ'ল। সেয়েহে আমাক বঞ্চিত নকৰিব। আমাক স্কুটী দিবই লাগিব। এয়া আমাৰ প্ৰাপ্য।"

লগতে ছাত্ৰীসকলে কয় যে, চাইকেল কংগ্ৰেছৰ আঁচনি আছিল। স্কুটী দিম বুলি বিজেপিয়েহে কৈছিল। সেয়েহে চৰকাৰখনক প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আহ্বান জনাইছো।’ উল্লেখযোগ্য যে, সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে স্কুটীৰ পৰিৱৰ্তে মেধাৱী ছাত্ৰী সকলৰ চাইকেল প্ৰদানৰ ব্যৱস্থা কৰিছিল।

সংবাদমেলৰ পিছতে ২০১৮-১৯বৰ্ষৰ বঞ্চিত ছাত্ৰীসকলে স্কুটী প্ৰদানৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। আনহাতে, মেধাৱী ছাত্ৰী সকলে আক্ষেপেৰে কয় "আমি উৰ্ত্তীণ হোৱাৰ সময়ত কোনো নিৰ্বাচন নাছিল বাবেই আমি বঞ্চিত হ'লো।’
Published by: Himangshu Bhuyan
First published: August 29, 2020, 2:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading