কাইলৈ নাগালেণ্ডৰ মন জিলা সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কন্যাক ছাত্ৰ সন্থা (KSU)ৰ ৷
পুৱা ছয় বজাৰ পৰা আবেলি চাৰি বজালৈ বন্ধ থাকিব কন্যাক জনগোষ্ঠীৰ অধ্যুষিত মন জিলা (Nagaland’s Mon district Bandh)৷ বিগত ৪ আৰু ৫ ডিচেম্বৰত মনৰ অ'টিং বস্তিত সেনাই গুলীয়াই হত্যা কৰা ১৪ নিৰীহ যুৱকৰ মৃত্যুৰ ঘটনাক লৈ এই বন্ধ ঘোষণা KSUৰ ৷
বন্ধৰ সময়ত জৰুৰীকালীন সেৱা জিলা প্ৰশাসন, চিকিৎসা সেৱা, আপাদকালীন অগ্নিনিৰ্বাপক সেৱা, আৰক্ষী সেৱা আৰু ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা সেৱা অব্যাহত থাকিব ৷
বন্ধৰ সময়ত ৰাইজক গণ বিক্ষোভ নকৰিবলৈ আৰু শান্তিপূৰ্ণভাৱে বন্ধ পালনৰ আহ্বান জনাইছে KSUয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।