শনিবাৰে মাজনিশা উত্তপ্ত হৈ পৰে নাগালেণ্ড। চুবুৰীয়া ৰাজ্যখনৰ মন জিলাৰ তিৰু আৰু ওটিং বস্তিৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় ৫ জনকৈ নগা যুৱক। অসম ৰাইফলছে অতৰ্কিতে এই আক্ৰমণ চলায়। এই ঘটনাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুনৰ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে।
পিছে কিয় এই ঘটনা সংঘটিত হল সেই প্ৰকৃত তথ্য এই পৰ্যন্ত পোহৰলৈ অহা নাই। উত্তেজিত নগা জনসাধাৰণে অগ্নি সংযোগ কৰে নিৰাপত্তাৰক্ষীৰ বাহনত। ঘটনাত এজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ সন্দেহ কৰা হৈছে। হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে।