• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত এইবোৰ কি গুণ্ডাগিৰি চলিছে?নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক ভৎৰ্সনা কৰি চিঠি লিখিলে ৰাজ্যখনৰ ৰাজ্যপালে

ৰাজ্যত এইবোৰ কি গুণ্ডাগিৰি চলিছে?নাগালেণ্ডৰ মুখ্যমন্ত্ৰীক ভৎৰ্সনা কৰি চিঠি লিখিলে ৰাজ্যখনৰ ৰাজ্যপালে

এখন গোপন চিঠি!৷ চিঠিখন লিখিছে এজন ৰাজ্যপালে ৷ লিখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ৷ চিঠিত ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যপালে ৷

  • Share this:
এখন গোপন চিঠি!৷ চিঠিখন লিখিছে এজন ৰাজ্যপালে ৷ লিখিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ৷ চিঠিত ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যপালে ৷

আৰ এন ৰবি- নাগালেণ্ডৰ ১৮সংখ্যক ৰাজ্যপাল ৷ নাগালেণ্ডৰ ৰাজ্যপাল ৰবিয়ে মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'লৈ লিখা চিঠিখন এতিয়া ৰাজহুৱা হৈছে ৷ চিঠিত ৰাজ্যপাল ৰবিয়ে নাগালেণ্ডত গুণ্ডাগিৰি চলি থকাৰ কথা উল্লেখ কৰি আইন-শৃংখলা পৰিবেশ চূড়ান্তভাৱে অৱনতি ঘটা বুলি কয় ৷

১৬ জুনত মুখ্যমন্ত্ৰী ৰিঅ'লৈ লিখা চিঠিত ৰাজ্যপাল ৰবিয়ে কয়- “২০১৯ৰ আগষ্টৰ পৰা মই ৰাজ্যপাল হিচাপে দায়িত্ব লোৱাৰে পৰা অতি সুক্ষ্মভাৱে ৰাজ্যৰ বিধ্বস্ত আইন-শৃংখলা পৰিবেশক পৰ্যবেক্ষণ কৰি আহিছো ৷ ‘আৰ্মছ গেং’ আৰু ডজনৰ হিচাপত থকা স্বয়ম্ভু চৰকাৰ চলোৱা গোটবোৰে পদপথৰ ব্যৱসায়ী, দিন হাজিৰা কৰা লোকৰ পৰা আৰম্ভ কৰি ঠিকাদাৰ, চৰকাৰী বিষয়া সকলোৰে পৰা গুণ্ডাকৰ সংগ্ৰহ কৰি আহিছে ৷ এইবোৰ বন্ধ কৰিবলৈ মই মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক একাধিকবাৰ নিৰ্দেশ দিছিলো ৷ কিন্তু কাৰ্যত একো নহ'ল ৷”

“আপোনাক মই একাধিকবাৰ ৰাজ্যৰ বিধ্বস্ত আইন-শৃংখলাক নিয়ন্ত্ৰণ কৰিবলৈ কৈছিলো ৷ কিন্তু আপুনি বিষয়টোৰ পৰা আঁতৰি আছে ৷ কিয় এনেদৰে নাগালেণ্ডত গুণ্ডাগিৰি চলাবলৈ স্বয়ম্ভু চৰকাৰ চলোৱা গোটবোৰক এৰি দিয়া হৈছে মই বুজি পোৱা নাই ৷ আশা কৰিছো, শীঘ্ৰেই এইক্ষেত্ৰত আপুনি ব্যৱস্থা গ্ৰহণ কৰিব।’ চিঠিত এনেদৰে উল্লেখ কৰে ৰাজ্যপাল ৰবিয়ে ৷

চাৰি পৃষ্ঠাৰ চিঠিত ৰাজ্যপাল ৰবিয়ে মুখ্যমন্ত্ৰীৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷
First published: