• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Nagaland Border : পুনৰ অসমৰ মাটিত নগাৰ আগ্ৰাসন, নাজিৰাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰত দোকান উচ্ছেদ

Assam-Nagaland Border : পুনৰ অসমৰ মাটিত নগাৰ আগ্ৰাসন, নাজিৰাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰত দোকান উচ্ছেদ

দুই ৰাজ্যৰ মাজত যাতায়াত বন্ধ কৰিছে ব্যৱসায়ীসকলে৷

দুই ৰাজ্যৰ মাজত যাতায়াত বন্ধ কৰিছে ব্যৱসায়ীসকলে৷

দুই ৰাজ্যৰ মাজত যাতায়াত বন্ধ কৰিছে ব্যৱসায়ীসকলে৷

  • Share this:
অসম-মেঘালয়ৰ সীমা বিবাদক লৈ উত্তেজনা চলি থকাৰ মাজতেই এইবাৰ অসমৰ ভূমিত পুনৰ চলিছে নগাৰ আগ্ৰাসন।

মেঘালয়ৰ পিছত নাজিৰাৰ নাগালেণ্ড সীমান্তত আজি পুৱাই হয় এক উত্তেজনা। নাজিৰাৰ বিহুবৰত নগা আৰক্ষীয়ে ভাঙিলে ১২খনকৈ হোটেল, দোকান। ঔগুৰিজানত পুৱাই নগা আৰক্ষীয়ে এক্সকেভেটৰেৰে ভাঙিলে ১২খনকৈ দোকান-পোহাৰ।

অসমৰ মাটিত নাগালেণ্ড প্ৰশাসনৰ অভিযানক লৈ আজি পুৱাই বিহুবৰৰ ঔগুৰিজানত সৃষ্টি হয় উত্তেজনা। দোকান-পোহাৰসমূহত সুৰাৰ অবাধ প্ৰচলন চলাৰ অভিযোগ নাগালেণ্ডৰ। চুবুৰীয়া ৰাজ্যৰ সকীয়নিৰ বিপৰীতে নীৰৱ ভূমিকা গ্ৰহণ কৰি আছিল নাজিৰা মহকুমা প্ৰশাসন, বিহুবৰ আৰক্ষী থানাই।

দুদিন পূৰ্বে নাজিৰা প্ৰশাসনৰ স্থিতি নস্যাৎ কৰি নাগিনীমৰা প্ৰশাসনে দিছিল সকীয়নি। আজি পুৱাই  নগা আৰক্ষীয়ে অতৰ্কিত উচ্ছেদ চলাই বিহুবৰৰ ঔগুৰিজানত। দীৰ্ঘদিন ধৰি বিহুবৰৰ ঔগুৰিজান নিজৰ বুলি দাবী কৰি আহিছে নাগালেণ্ডে।

আশ্চৰ্যকৰ বিষয় যে নগা আৰক্ষীয়ে ভাঙি তহিলং কৰা ১২খনকৈ দোকানৰ ভিতৰত অবৈধ সুৰা বিক্ৰী কৰা দোকানো আছিল। সুৰাৰ দোকান নিষিদ্ধৰ ক্ষেত্ৰত নাজিৰা মহকুমা আৰক্ষী প্ৰশাসন, বিহুবৰ আৰক্ষী থানাই কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল। বিগত সময়ছোৱাত স্থানীয় দল-সংগঠনেও এই সুৰাৰ দোকানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল আৰক্ষী-প্ৰশাসনক। কিন্তু এই ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে নাজিৰা মহকুমা আৰক্ষী প্ৰশাসনৰ লগতে বিহুবৰ আৰক্ষী থানাই।

ইফালে এতিয়াও নাজিৰাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰত উত্তেজনা অব্যাহত আছে। দুই ৰাজ্যৰ মাজত যাতায়াত বন্ধ কৰিছে ব্যৱসায়ীসকলে৷ বিহুবৰ ঔগুৰিজানত অসমীয়া লোকৰ কেইবাখনো দোকান ভঙাৰ পিছতে প্ৰতিবাদ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি