• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত আলফাৰ হৈ ধন সংগ্ৰকাৰী নগা যুৱক আটক

সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত আলফাৰ হৈ ধন সংগ্ৰকাৰী নগা যুৱক আটক

গ্ৰেপ্তাৰ হোৱা নগা যুৱকজনৰ নাম টিংমন কন্যাক আৰু ধৃত যুৱকৰ ঘৰ নাগালেণ্ডৰ মন জিলাৰ টিজিত বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

  • Share this:
বিদ্রোহী সংগঠনৰ কৰিড'ৰ হিচাপে চিহ্নিত উজনি অসমৰ চৰাইদেউ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে উগ্ৰপন্থী সংগঠনসমূহৰ তৎপৰতা। যোৱা ১১ নৱেম্বৰত সোণাৰিত এখন নৈশ বাছত অহা সাত কাৰ্টুন বিস্ফোৰক সামগ্ৰী নাগালেণ্ডলৈ লৈ যোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছত পুনৰ আলফাৰ হৈ ধন দাবী কৰাৰ অভিযোগত এজন নগা যুৱকক আৰক্ষীয়ে আটক কৰা ঘটনাই সমগ্র জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী অসম-নাগালেণ্ডৰ সীমান্ত নামতোলাত আলফা (স্বা)ৰ হৈ ধন দাবী কৰা এজন নগা যুৱকক চৰাইদেউ আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা নগা যুৱকজনৰ নাম টিংমন কন্যাক আৰু ধৃত যুৱকৰ ঘৰ নাগালেণ্ডৰ মন জিলাৰ টিজিত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, ধৃত নগা যুৱকজনক সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলৰ কেইবাজনো প্ৰতিষ্ঠিত ব্যৱসায়ীৰ পৰা আলফাৰ দ্বাৰা দাবীকৃত ধন সংগ্ৰহ কৰিবলৈ নিয়োগ কৰা হৈছিল । বিষয়টো সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি