অসম নাগালেণ্ডৰ সীমান্তত শান্তি-সম্প্ৰীতি বজায় ৰখাৰ উদ্দেশ্যৰে ৩১ আগষ্টত অসম আৰু নাগালেণ্ড চৰকাৰে স্বাক্ষৰ কৰা শান্তি চুক্তিৰ পাছৰে পৰা সীমান্তত নগাৰ সন্ত্ৰাস বৃদ্ধি পাইছে। উল্লেখ্য যে, নগাক বিশ্বাস কৰি অতি সংগোপনে স্বাক্ষৰ কৰা এই শান্তি চুক্তিৰ ফলত মৰিয়নিৰ সীমান্তত নগাৰ উপদ্ৰৱ পূৰ্বতকৈ বৃদ্ধিহে পাব বুলি মৰিয়নিৰ একাধিক জাতীয় সংগঠন আৰু সীমান্ত বাসী ৰাইজে আশংকা প্ৰকাশ কৰিছিল। ৰাইজৰ এই আশংকাক সত্য প্ৰমাণিত কৰি মৰিয়নিৰ দিচৈ ভেলি বনাঞ্চলৰ সীমান্তত ধাৰাবাহিকভাৱে চলিছে নগাৰ দৌৰাত্ম্য।
শান্তি চুক্তিৰ দুদিনৰ পিছতে দিচৈ ভেলীৰ কাষৰ বনগাঁৱৰ চন্দ্ৰ ছেত্ৰী নামৰ কৃষকজনৰ এটা পশুধন বনাঞ্চল চৰিবলৈ যোৱা অৱস্থাত নগাই গুলীয়াই হত্যা কৰি লৈ যায়। ইয়াৰ পিছতে আও ষ্টুডেণ্ট কন্সফাৰেঞ্চ নামৰ নগা ছাত্ৰ সংগঠনটোৱে দিচৈ ভেলি সংৰক্ষিত বনাঞ্চলৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰি ফলক স্থাপন কৰি সীমান্তত অশান্তিৰ সৃষ্টি কৰি আহিছে।শেহতীয়াকৈ মঙলবাৰে দিচৈ ভেলী বনাঞ্চলত চৰিবলৈ যোৱা পাঁচটা গোধন ধৰি লৈ যায় নগাই।
দিচৈ ভেলী বনাঞ্চলৰ কাষৰ সোণাপুৰ গাঁও নিবাসী ৰঘা মুড়া নামৰ দৰিদ্ৰ কৃষকজনৰ পাঁচটা গোধন মঙলবাৰে কাষৰে বনাঞ্চলত চৰিবলৈ যোৱা অৱস্থাত নগাই ধৰি লৈ যায়। আনহাতে বুধবাৰে বিয়লি ৭০৮৫৯৮৪৬০০ নম্বৰৰ পৰা সীমান্তৰ এজন যুৱকলৈ নগাই ফোন কৰি দহ হাজাৰ টকা দি গৰু কেইটা লৈ যাবলৈ কয়। লগে লগে বিষয়টো মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক জনোৱাৰ পিছটো আৰক্ষীয়ে গৰু কেইটা উদ্ধাৰ কৰি দোষী নগা দুৰ্বৃত্তক আটক কৰাৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰি ৰঘা মুড়াকহে ওৰে নিশা মৰিয়নি থানাত বহাই থোৱাৰ অভিযোগ উঠিছে।
আনহাতে আজি পুৱা ৰঘা মুড়াই নগাক নগদ ধন দি গৰু কেইটা মোকোলাই আনে। এই ঘটনাৰ পিছত অসম আৰক্ষী আৰু প্ৰশাসনৰ সীমান্তৰ অসমীয়া জনসাধাৰণৰ প্ৰতি কিমান দায়বদ্ধতা আছে তাকেই প্ৰতিফলিত কৰিছে বুলি প্ৰশ্ন কৰিছে ৰাইজে।
উল্লেখ্য যে, নিউ সোনোৱাল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত দিচৈ ভেলী বনাঞ্চলৰ ১৫ নং কম্পাৰ্টমেণ্টত নগাৰ বেদখল উচ্ছেদ কৰি অসম আৰক্ষীয়ে শিবিৰ স্থাপন কৰিছিল। কিন্তু ৩১ আগষ্টৰ শান্তি চুক্তিৰ পিছতে অসম আৰক্ষীৰ শিবিৰ উঠাই অনাৰ পিছত উক্ত ভূমি নগাৰ বুলি দাবী কৰি অসমৰ মানুহৰ লগতে পোহনীয়া জীৱ জন্তুৰ প্ৰবেশ নিষিদ্ধ কৰিছে নগাই। অসমৰ বনাঞ্চলত অসমীয়াৰ প্ৰবেশ নিষিদ্ধ কৰা নগাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সীমান্তৰ অসমীয়া।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|