অসমৰ বিভিন্ন প্ৰান্তত নগাৰ আগ্ৰাসন, অসমৰ মাটিতেই নগাৰ সন্ত্ৰাস ইত্যাদি বাতৰিয়ে প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে চৰাইদেউ জিলাতো নগাই অনুৰূপ ঘটনা সংঘটিত কৰি অহাত জিলাবাসী অতিষ্ঠ হৈ পৰিছে।
উল্লেখযোগ্য যে যোৱা কিছুদিন ধৰি জিলাখনৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা নগালেণ্ডৰ পৰা নগা দুস্কৃতিকাৰীয়ে বনাঞ্চলখনত গছ-গছনি কাটি সংকুচিত কৰি অসমৰ মাটিৰ অনধিকাৰ প্ৰৱেশ কৰি অসমীয়া লোকক মাৰপিট কৰি লুটপাট চলোৱা কার্য সাধাৰণ কথাত পৰিণত হৈছে।
জিলাখনৰ সদৰ সোণাৰি নগৰৰ সীমামূৰীয়া নগানদী বনগাঁও, গোৱালাপথাৰ, থুকুবিল আদিত যোৱা কিছুদিন ধৰি নগা দুষ্কৃতিকাৰীৰ দল এটা প্ৰৱেশ কৰি অসমৰ ৰাইজৰ পশুধন কাঢ়ি নিয়াৰ লগতে ধন–সম্পতিও লুট কৰি নিয়া বুলি জানিব পৰা গৈছে। যোৱানিশা মাৰণাস্ত্ৰ প্ৰদৰ্শনেৰে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি নগাই চলায় সন্ত্ৰাস। গঞাক মৃত্যুৰ ভাবুকিৰে পুনৰ কাঢ়ি নিলে সাতটা গৰু।
সোণাৰিৰ নগানদী বনগাঁৱৰ ভূপেন ওৰাং, শংকৰ চাহানী আৰু সীমান্ত বৰাক ভাবুকিৰে নিশা এক বজাত কাঢ়ি নিলে গৰু। আতংকিত সোণাৰিৰ নগালেণ্ড সীমান্তৰ নগানদী বনগাঁৱৰ বাসিন্দা। পূৰ্বতেও গোহালিৰ পৰাই কেইবাবাৰো নগাই কাঢ়ি নিছিল পশুধন।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 24, 2021, 17:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।