যোৰহাট বন সংমণ্ডলৰ নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাই বেদখলৰ লগতে সামান্তৰাল ভাবে চলাইছে বনজ সম্পদৰ লুণ্ঠন। নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত বাচি থকা নাম মাত্ৰ গছ গছনি সমুহো কাটি নগাই অসমৰ চোৰাং কাঠৰ ব্যৱসায়ীক যোগান ধৰি আহিছে।
নগাৰ বেদখলত অস্তিত্ব বিপন্ন হোৱা বনাঞ্চলখনত বাচি থকা নামমাত্ৰ বনজ সম্পদৰ নগাই ব্যাপক হাৰত চলোৱা ধংস কাৰ্য দেখিও ৰহস্যজনক ভাবে নীৰবতা অবলম্বন কৰিছে বন বিভাগে। বনাঞ্চল খনত নাগালেণ্ড চৰকাৰে অবৈধ ভাবে স্থাপন কৰা "হেকাটো" নামৰ নগা বস্তিৰ নগাই বনাঞ্চলত ব্যাপক হাৰত গছ কাটি গছৰ কুন্দা অসমৰ চোৰাং কাঠৰ বেপাৰীক নিয়মিত ভাবে যোগান ধৰি আহিছে।
শেহতীয়াকৈ বনাঞ্চলখনৰ পৰা কটা গছৰ কেইবাটাও বৃহৎ কুন্দা হাতীৰে টনাই বনাঞ্চলখনৰ কাষৰ ভৱানীপুৰ গাঁৱৰ কাছজান নৈৰ কাষত জমা কৰি থোৱা অৱস্থাত মৰিয়নি বনাঞ্চলিক বিষয়া অৰুণ কলিতাৰ নেতৃত্বত যোৱা বনবিভাগৰ এটা দলে জব্দ কৰে।
মনকৰিবলগিয়া যে বনাঞ্চলখনৰ কাষৰ ভৱানীপুৰ গাঁৱৰ নিউ সোণোৱাল-গাহৰিচোৱা গড়কাপ্তানী পথৰ কাষতে নগাই হাতীৰে টানি বৃহৎ বৃহৎ গছৰ কুন্দা জমা কৰিবলৈ সাহস পালে কেনেকৈ? নিচেই সমীপতে নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয় থকাৰ পিছতো নগাই কেনেকৈ জমা কৰিলে গছৰ কুন্দা?
লক্ষণীয়ভাৱে কুন্দা জমা কৰি থোৱা কিছু দূৰতে অৱস্থিত অসম আৰক্ষীৰ খেৰেমিয়া সীমান্ত নিৰীক্ষণ শিবিৰটোও। কিন্তু আৰক্ষীৰ ভূমিকাও ৰহস্যজনক।
স্থানীয় লোকে জনোৱা মতে দেওবাৰে আবেলি কুন্দা খিনি হাতীৰে টানি উক্ত ঠাইত জমা কৰিছিল নগাই।
দুদিনমান পূৰ্বে বনাঞ্চলখনতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰি নগা দুৰ্বৃত্তই গুলীচালনা কৰা ঘটনাৰ পাছত আৰক্ষী আৰু বন বিভাগৰ লোকে দিনে নিশাই বাহৰ পাতি থকা অৱস্থাত এনেদৰে নগাই হাতীৰে টানি কুন্দা জমা কৰাৰ ঘটনাই বন বিভাগৰ কাম-কাজক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|