‘২৪ মে’ৰ পৰা হাগ্ৰামাই এৰিব লাগিব চকী’

২৪ মে’ৰ পৰা হাগ্ৰামাই চকী এৰিব লাগিব, সেইখন চকীত বহিব আমাৰ মানুহ : নৱ শৰণীয়া

news18assam
Updated:April 19, 2019, 12:45 PM IST
‘২৪ মে’ৰ পৰা হাগ্ৰামাই এৰিব লাগিব চকী’
২৪ মে’ৰ পৰা হাগ্ৰামাই চকী এৰিব লাগিব, সেইখন চকীত বহিব আমাৰ মানুহ : নৱ শৰণীয়া
news18assam
Updated: April 19, 2019, 12:45 PM IST
মই কেতিয়াও জাতি–ধৰ্মৰ নামত ৰাজনীতি নকৰো। সংবাদমেলত এই মন্তব্য সাংসদ তথা কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াৰ। দুদিন পূৰ্বে হাগ্ৰামা এণ্ড প্ৰমীলা কোম্পানীয়ে আমাক ভাবুকি দিছে বুলিও মন্তব্য শৰণীয়াৰ।

সংবাদমেলত সাংসদগৰাকীয়ে কয় – প্ৰমীলাৰাণীক ভোট নিদিলে মাটিৰ পত্তা নিদিয়ে। হাগ্ৰামা বা যিয়ে আহক আমাৰ লোকৰ গাত হাত দিব নোৱাৰে। বিটিচি বড়োলেণ্ড হ’বলৈ সকলো সাজু হৈ আছে, কেৱল নৱ শৰণীয়াৰ প্ৰচেষ্টাতহে এয়া সম্ভৱ হোৱা নাই।

সংবাদমেলত বদৰুদ্দিন আজমলকো সমালোচনা শৰণীয়াৰ। আজমল যদি প্ৰকৃত ধৰ্মীয় সংখ্যালঘু হয় UPPLৰ পৰা আঁতৰি আহি ক্ষমা বিচাৰক ৰাইজক। ২৪ মে’ৰ পৰা হাগ্ৰামাই চকী এৰিব লাগিব, সেইখন চকীত আমাৰ মানুহ বহিব বুলিও মন্তব্য।
আৰু চাওক পৰৱৰ্তী বাতৰি