মুখ্যপৃষ্ঠা » খবৰ

» অসম

»নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টিয়ে ঘোষণা কৰিলে BTC নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ, কি আছে ইস্তাহাৰত?

নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টিয়ে ঘোষণা কৰিলে BTC নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ, কি আছে ইস্তাহাৰত?

News18 Assam | News18-Assam
Updated:February 24, 2020, 7:48 PM IST
নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টিয়ে ঘোষণা কৰিলে BTC নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ, কি আছে ইস্তাহাৰত?
হাগ্ৰামাক আঁতৰাই BTC দখলৰ কুছকাৱাজত সাংসদ শৰণীয়া।

হাগ্ৰামাক আঁতৰাই BTC দখলৰ কুছকাৱাজত সাংসদ শৰণীয়া।

  • Share this:
BTC দখলৰ বাবে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টিয়ে ৷ সোমবাৰে এই কথা সদৰি কৰিছে সাংসদ শৰণীয়াই ৷

BTC পৰিষদীয় নিৰ্বাচনত সাংসদ শৰণীয়াৰ দলে কোনো দলৰ সৈতে মিত্ৰতা নকৰে ৷ চল্লিশটা সমষ্টিতে প্ৰাৰ্থীত্ব দিব গণ সুৰক্ষা কমিটিয়ে ৷
“আমি গোহাৰি প্ৰস্তুত কৰিছো ৷ এই ঘোষণা পত্ৰত আমি প্ৰথমে আমি কৈছো- অসমৰ অখণ্ডতা ৰক্ষাৰ বাবে আমাৰ নিৰ্বাচিত প্ৰাৰ্থীয়ে প্ৰাণ দিবলৈ সাজু ৷ BTCৰ পৰা গাঁৱ কৰ্তনৰ বাবে আয়োগৰ সন্মুখত আমাৰ দলে যুক্তি দিব ৷ আমাৰ চৰকাৰ হ'লে, প্ৰথমখন কেবিনেটতে আমি গাঁৱ কৰ্তনৰ প্ৰস্তাৱ লম,” ক'লে সাংসদ শৰণীয়াই ৷

নিৰ্বাচনী ইস্তেহাৰৰ কিয়দাংশ প্ৰকাশ কৰি সোমবাৰে সাংসদ শৰণীয়াই ক'লে, “ভূটানৰ লগত সম্পৰ্ক উন্নীত কৰি সীমান্তত ব্যৱসায়িক, সাংস্কৃতিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰিম ৷ বিভিন্ন প্ৰান্তৰ পৰা বছৰত যাতে এক কোটি মানুহে BTC পৰিভ্ৰমণ কৰে তাৰ বাবে আঁচনি লম ৷ নিৱনুৱা সমস্যা সমাধান কৰিম ৷”
“কৃষকৰ আয় তিনিগুণ বৃদ্ধি কৰাৰ বাবে আঁচনি ল'ম ৷আমাৰ চৰকাৰ হ'লে আমাৰ দলৰ বিষয়ববীয়াই যাতে দুৰ্নীতিত নামিব যাতে নোৱাৰে তাৰ বাবে এতিয়াৰ পৰাই ব্যৱস্থা গ্ৰহণ কৰিছো,” সদৰি কৰিলে শৰণীয়াই ৷
ইপিনে তিনিদিন পূৰ্বে ওদালগুৰিত BPF কৰ্মী খাইৰুল ইছলামক গুলীয়াই হত্যা কৰা ঘটনাক লৈ এতিয়া বোকা চটিওৱাৰ ৰাজনীতি আৰম্ভ হৈছে ৷ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নৱ শৰণীয়াৰ দল জড়িত বুলি দাবী কৰিছে ৷ এই সন্দৰ্ভত শৰণীয়াৰ দাবী, “আমি যদি জড়িত, তেওঁৰ হাতত যদি তথ্য আছে সেয়া ৰাজহুৱা কৰক ৷ আমি CBI তদন্ত বিচাৰিছো ৷ BTR চুক্তি হোৱাৰ এমাহ নহওতেই এই হত্যাকাণ্ড বৰ চিন্তনীয় ৷ আমি আগতেই কৈছিলো যে BTC নিৰ্বাচন ৰক্তক্ষয়ী হ'ব বুলি ৷ হাগ্ৰামাই যি পোন্ধৰজনীয়া প্ৰাৰ্থী দিছে, তেওঁলোকৰ এজনো জিকিব নোৱাৰে ৷”
“আলোচনাপন্থী আলফা নেতা একাংশ হাগ্ৰামা মহিলাৰীৰ বহতীয়া ৷ উঠ বুলি ক'লে উঠিব, বহ বুলি ক'লে বহে ৷ সি অনুপ চেতিয়া, মিথিংগা দৈমাৰী বা প্ৰাণজিৎ চহৰীয়াই হওক ৷ মিথিংগাই অবড়ো সুৰক্ষা কমিটিৰ হৈ কাম কৰিলে দলীয় আলোচনা পন্থী আলফা সদস্যক কোবাই খেদিব বুলি ভাবুকি দিছে,” এই অভিযোগ সাংসদ শৰণীয়াৰ ৷

ইপিনে BTCৰ নিৰ্বাচনৰ ৰাজনৈতিক হিচাপ দি সাংসদ শৰণীয়াই ক'লে, “BJPক BTC কিয় লাগে ? কেন্দ্ৰ-ৰাজ্যত চৰকাৰ আছেই ৷ BJPয়ে NC Hillsৰ দৰে কৰিব বিচাৰে, নহ'ব ৷ আৰ এইচ খানক আঁতৰাই বেলেগক দিয়াৰ দৰে ৷” শৰণীয়াৰ মতে, “BPFৰ তিনিটা, BJPৰ চাৰিটা আৰু NDFBৰ চাৰিটা গোট UPPLৰ লগ হ'লে বাকী চীট কেইটাত আমাৰ সৈতে প্ৰতিদ্বন্দ্ব্বীতা হ'ব ৷”
“BTCবাসী ৰাইজে আমাক যিমান বিশ্বাস কৰে সেই কথা BPFয়ে নাজানে ৷ BTCবাসীয়ে পৰিৱৰ্তন বিচাৰিছে ৷ BTR চুক্তি কৰাৰ আগত ৰাইজৰ লগত আলোচনা কৰা নাছিল ৷ প্ৰমোদ বড়ো বাল্মীকি হ'ব বিচাৰিছে ৷ এইবাৰ নহয়, ২০২৫ত হে প্ৰমোদ বড়োৱে BTC চীফ হ'ব পাৰিব,” ক'লে সাংসদ শৰণীয়াই ৷

“BTCত BPF শেষ ৷ প্ৰমোদ বড়োয়ে ভাৱিছে চীফ হ'ব বুলি ৷ একে ৰাতিতে চীফ হ'ব নোৱাৰে ৷ কংগ্ৰেছ, BJPয়ে তো নোৱাৰেই ৷ বাকী আমাৰ দলেই কৰিব চৰকাৰ ৷” এই দাবী শৰণীয়াৰ ৷
ইপিনে হাগ্ৰাম মহিলাৰীৰ BPFৰে BJPৰ মিত্ৰতা সন্দৰ্ভত সাংসদ শৰণীয়াৰ কটাক্ষ এনেধৰণৰ, “হাগ্ৰামা মহিলাৰীক কোনোবাই বছাব যায়, সিয়েই একেডাল ৰছীত ফাচ লৈ মৰিব লাগিব ৷ এইবাৰ কোনোৱে বছাব নাযায় হাগ্ৰামাক ৷ মই SP হোৱা হ'লে, দুইঘণ্টাত দুৰ্নীতিৰ হিচাপ উলিয়াই দিলো হয় BTCৰ ৷ আমি কওঁ CBIক তদন্তৰ ভাৰ দিয়ক ৷”
Published by: Tulika Devi
First published: February 24, 2020, 7:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি