ৰাষ্ট্ৰীয় মূল্যায়ন তথা প্ৰত্যায়ন পৰিষদ, চমুকৈ নাক (NAAC)ৰ ছয়জনীয়া এটি সজাতি দলে বিশ্ববিদ্যালয় প্ৰত্যায়নৰ চতুৰ্থ চক্ৰৰ বাবে ১ আগষ্টৰ পৰা ৩ আগষ্টলৈ তেজপুৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক আনন্দ ভালেৰাওৰ অধ্যক্ষতাত গঠিত পৰিদৰ্শন সমিতিখনত সদস্য সমন্বয়ক হিচাপে আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ অধ্যাপক জাভেদ আখতাৰ, তথা সদস্য হিচাপে ভূপালৰ মৌলানা আজাদ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধ্যাপক সবিতা দীক্ষিত, যাদৱপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক সুস্মিতা ঘোষ, কাশ্মীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক আনিসা শফি আৰু পঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অধ্যাপক তৰুণ অৰোৰা সদস্য হিচাপে অন্তৰ্ভুক্ত আছিল।
প্ৰত্যায়ন প্ৰক্ৰিয়াৰ পৰিমাণগত মানদণ্ড মূল্যায়নৰ বাবে প্ৰতিষ্ঠানগত তথ্য (IIQA) আৰু বিশ্ববিদ্যালয়ৰ দ্বাৰা নাকক অনলাইনত দাখিল কৰা স্ব-অধ্যয়ন প্ৰতিবেদন (SSR) ৰ মূল্যাঙ্কনৰ সৈতে ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। নাকৰ দলে বিশ্ববিদ্যালয়ৰ স্ব-অধ্যয়ন প্ৰতিবেদন (SSR)ত বৰ্ণনা কৰা অনুসৰি গুণগত মেট্ৰিকৰ সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ পৰীক্ষা, বৈধতা, মূল্যাঙ্কন আৰু নম্বৰ দিবলৈ তেজপুৰ বিশ্ববিদ্যালয় চৌহদত থকা বিভিন্ন বিভাগ আৰু আন সা-সুবিধাসমূহ পৰিদৰ্শন কৰিছিল।
তিনি দিনৰ এই মূল্যায়ন প্ৰক্ৰিয়াৰ সময়ছোৱাত, নাকৰ এই সজাতি দলটোৱে বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ, কেন্দ্ৰ, পৰীক্ষাগাৰ, হোষ্টেল আৰু অন্যান্য সুবিধাসমূহ পৰিদৰ্শন কৰে, তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন অংশীদাৰ যেনে শিক্ষাৰ্থী, শিক্ষক, অভিভাৱক, প্ৰাক্তন ছাত্ৰ আৰু কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শন সমিতিৰ অধ্যক্ষগৰাকীয়ে অংশীদাৰসকলৰ, বিশেষকৈ অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ অংশগ্ৰহণ সন্দৰ্ভত আনন্দ প্ৰকাশ কৰি কয় যে এনে অংশগ্ৰহণ অন্যান্য উচ্চ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অনন্য।
নাকৰ সজাতি দলটোক ১ আগষ্টত তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নৃত্য, গীত আৰু সংগীতৰ এক বৰ্ণিল মনোৰম সাংস্কৃতিক অনুষ্ঠানৰ সৈতে আদৰণি জনোৱা হয়। অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ আছিল থাইলেণ্ডৰ সিংদাৰণ ফেটচা-ইম আৰু জিম্বাবোৱেৰ ডিজায়াৰ ফাদজি মাকুনিকেৰ থাই আৰু পূৱ জিম্বাবুয়েৰ স্থানীয় নৃত্য প্ৰদৰ্শন।
এই পৰিদৰ্শন ৩ আগষ্টত এক প্ৰস্থান সভাৰ সৈতে সমাপ্ত হয় য'ত সজাতি দলটোৱে প্ৰেক্ষাগৃহত তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সদস্য আৰু কৰ্মচাৰীসকলক বিশ্ববিদ্যালয় পৰিদৰ্শনৰ অভিজ্ঞতা আৰু মতামত ভাগ বতৰা কৰে। উল্লেখযোগ্য যে, নাকৰ নিয়ম অনুসৰি সমিতিখনে তেওঁলোকৰ মূল্যাঙ্কনৰ প্ৰতিবেদন নাকৰ অনলাইন পৰ্টেলত দাখিল কৰাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিনোদ কুমাৰ জৈনৰ ওচৰতো দাখিল কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : August 04, 2022, 21:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।