বৃহস্পতিবাৰে হোজাই জিলাৰ লামডিং মাণ্ডলিকৰ লামডিং ৰে'লৱে ষ্টেচনত vow express (vaccination on wheels )শীৰ্ষক নামেৰে ভেকচিন প্ৰদানৰ তিনিখন ডবাৰ ৰে'লগাড়ী মুকলি কৰা হয়।
বৃহস্পতিবাৰে হোজাই জিলাৰ লামডিং মাণ্ডলিকৰ লামডিং ৰে'লৱে ষ্টেচনত vow express (vaccination on wheels )শীৰ্ষক নামেৰে ভেকচিন প্ৰদানৰ তিনিখন ডবাৰ ৰে'লগাড়ী মুকলি কৰা হয়।
কালৰূপী কোৰোণা মহামাৰীয়ে ৰাজ্যজুৰি ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে উত্তৰ পূ সীমান্ত ৰে'লৱেই নিজৰ কৰ্মচাৰীসকলৰ বাবে আৰম্ভ কৰিছে কোৰোণা ভেকচিন প্ৰদানৰ ৰে'ল সেৱা।
বৃহস্পতিবাৰে হোজাই জিলাৰ লামডিং মাণ্ডলিকৰ লামডিং ৰে'লৱে ষ্টেচনত vow express (vaccination on wheels )শীৰ্ষক নামেৰে ভেকচিন প্ৰদানৰ তিনিখন ডবাৰ ৰে'লগাড়ী মুকলি কৰা হয়। দুপৰীয়া লামডিং মাণ্ডলিক কাৰ্যালয়ৰ প্ৰবন্ধক জে এছ বক্ৰা, জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত মুকলি কৰে এই বিশেষ ৰে'ল খন।
স্বাস্থ্য বিভাগৰ বিষয়া ৰঞ্জু ৰাজখোৱাই ফিটা কাটি ৰে'ল গাড়ীৰ দুৱাৰ মুকলি কৰাৰ পিছত প্ৰবন্ধকে পতাকা জোঁকাৰি ৰে'লগাড়ী খনৰ যাত্ৰাৰ সংকেত প্ৰদান কৰি মুকলি কৰা হয়।
উল্লেখযোগ্য যে, ভেকচিন প্ৰদানৰ উক্ত ৰে'ল গাড়ীখন লামডিং আৰু হোজাই ৰে'ল ষ্টেচনৰ মাজত চলাচল কৰিব। হোজাই আৰু লামডিং ষ্টেচনৰ মাজৰ প্ৰতিটো ষ্টেচনত ৰখি ৰে'ল কৰ্মচাৰী সকলক ভেকচিন দিয়া হ'ব বুলি মাণ্ডলিক প্ৰবন্ধকগৰাকীয়ে জানিবলৈ দিয়ে। আজি প্ৰথম দিনটোত ভেকচিন প্ৰদানৰ ৰে'লগাড়ীখনৰ জৰিয়তে ২৫০ গৰাকী কৰ্মচাৰীক ভেকচিন প্ৰদান কৰা হয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|