মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Police : ৰৌতা আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যুমুখত পৰা ব্যক্তিক লৈ দুই পৰিয়ালৰ দুটা দাবী, বিটিআৰত চাঞ্চল্য আৰু চৰম কৌতূহল

Assam Police : ৰৌতা আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যুমুখত পৰা ব্যক্তিক লৈ দুই পৰিয়ালৰ দুটা দাবী, বিটিআৰত চাঞ্চল্য আৰু চৰম কৌতূহল

ঘটনাৰ পিছতে ডিম্বেশ্বৰ বসুমতাৰীও সন্ধানহীন থকাত এই দাবীৰ সত্যাসত্য নিৰূপণৰ প্ৰয়োজনীতা আহি পৰে।

ঘটনাৰ পিছতে ডিম্বেশ্বৰ বসুমতাৰীও সন্ধানহীন থকাত এই দাবীৰ সত্যাসত্য নিৰূপণৰ প্ৰয়োজনীতা আহি পৰে।

ঘটনাৰ পিছতে ডিম্বেশ্বৰ বসুমতাৰীও সন্ধানহীন থকাত এই দাবীৰ সত্যাসত্য নিৰূপণৰ প্ৰয়োজনীতা আহি পৰে।

  • Share this:

ৰৌতাৰ ডকাইত এনকাউণ্টাৰৰ ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য আৰু কৌতূহল। আৰক্ষীৰ হাতত ডকাইত কেনাৰাম বসুমতাৰীৰ সলনি ডিম্বেশ্বৰ বসুমতাৰী নামৰ এগৰাকী লোক নিহত হোৱা বুলি দাবী উঠাৰ পিছতে অব্যাহত আছে চাঞ্চল্য।


কি আছিল ঘটনাটো?
ৰৌতাত আৰক্ষীৰ এনকাউণ্টাৰত দুধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী নিহত হোৱাত শুকুৰবাৰে বসুমতাৰীৰ মৃতদেহ চিনাক্ত কৰা হয় আৰু পিছত কেনাৰামৰ পৰিয়ালে মৃতদেহ চমজি লৈ শেষকৃত্য সমাপন কৰে। কিন্তু শনিবাৰে সেই মৃতদেহ কেনাৰামৰ নাছিল বুলি দাবী উত্থাপন কৰি সেয়া ডিম্বেশ্বৰ মুছাহাৰী বুলি এগৰাকী মহিলাই দাবী কৰাত সৃষ্টি হয় চাঞ্চল্য। মহিলাগৰাকী ডিম্বেশ্বৰ মুছাহাৰীৰ পত্নী মঞ্জু মুছাহাৰী। মঞ্জু মুছাহাৰীয়ে দাবী কৰিছে নিহত লোকজন তেওঁৰ স্বামী ডিম্বেশ্বৰ মুছাহাৰী।


ঘটনাৰ পিছতে ডিম্বেশ্বৰ বসুমতাৰীও সন্ধানহীন থকাত এই দাবীৰ সত্যাসত্য নিৰূপণৰ প্ৰয়োজনীতা আহি পৰে। ঘটনাক লৈ আজি কেনাৰাম বসুমতাৰীৰ পত্নীয়ে ডিম্বেশ্বৰ মুছাহাৰীৰ ঘৰলৈ যায় আৰু তেওঁৰ ভাষ্যত আত্মবিশ্বাসৰ অভাৱ দেখা যায়। কেনেৰামৰ পত্নীয়ে কয় যে মৃতদেহটো তেওঁৰ স্বামী কেনেৰামৰ দৰেই আছিল। এতিয়া তেৱোঁ এই বিষয়ত লৈ সন্দেহৰ মাজত আছে।


এনে অৱস্থাত কেনাৰাম বসুমতাৰীৰ কবৰস্থ কৰা মৃতদেহ দণ্ডাধীশৰ অধীনত পুনৰ উদ্ধাৰৰ বাবে ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে আবেদন জনায়। এতিয়া আদালতৰ আদেশ প্ৰাপ্ত কৰাৰ পিছত মৃতকৰ পৰিচয় সম্পৰ্কে উঠা দাবী পৰীক্ষা কৰিবলৈ ডিএনএ প্ৰফাইলিং কৰাও হ'ব পাৰে বুলি আৰক্ষী সূত্ৰই জনাইছে।


আনহাতে, আৰক্ষীৰ তথ্য অনুসৰি ডিম্বেশ্বৰ মুছাহাৰীও এজন অপৰাধীয়েই। পূৰ্বে গ্ৰেপ্তাৰ হোৱা ডিম্বেশ্বৰৰ কেনাৰামৰ সৈতে আছিল সম্পৰ্ক। ২০২০ চনত ৰঙিয়া আৰক্ষীয়ে পিষ্টল আৰু সজীব গুলীসহ গ্ৰেপ্তাৰ কৰিছিল ডিম্বেশ্বৰ মুছাহাৰীক। ৰঙিয়া থানাত ডিম্বেশ্বৰ মুছাহাৰীৰ বিৰুদ্ধে ৭৮৩/২০ নম্বৰত ৰুজু হৈছিল গোচৰ।

শেহতীয়া বাতৰি