মুখ্যপৃষ্ঠা »খবৰ »অসম »কাজিৰঙাৰ বনকৰ্মীৰ আত্মহত্যাত ৰহস্যৰ গোন্ধ, পৰিয়ালৰ লোকে উঠাইছে গুৰুতৰ অভিযোগ

কাজিৰঙাৰ বনকৰ্মীৰ আত্মহত্যাত ৰহস্যৰ গোন্ধ, পৰিয়ালৰ লোকে উঠাইছে গুৰুতৰ অভিযোগ

মৃত্যুৰ আধা ঘণ্টাৰ পূৰ্বে পত্নীৰ লগত ফোনত কথা পাতিছিল বনকৰ্মী প্ৰবীণ শইকীয়াই।

  • Share this:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ আত্মহত্যাত ৰহস্যৰ গোন্ধ পাইছে বনকৰ্মীজনৰ পৰিয়ালৰ লোকে। শনিবাৰে সন্ধিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ অধীনৰ ডাফলাং বন শিবিৰত নিজ  বন্দুকেৰে  গুলীবিদ্ধ হৈ মৃত্যু হোৱা বনকৰ্মী প্ৰবীণ শইকীয়াৰ পৰিয়ালে উঠাইছে গুৰুতৰ অভিযোগ।


মৃত্যুৰ আধা ঘণ্টাৰ পূৰ্বে পত্নীৰ লগত ফোনত কথা পাতিছিল বনকৰ্মী প্ৰবীণ শইকীয়াই। কথা পতাৰ সময়ত আত্মহনন কৰিবলগীয়া কোনো লক্ষণ পোৱা নাছিল পত্নীয়ে। আনহাতে, পুত্ৰৰ অভিযোগ, তেওঁৰ পিতৃয়ে আত্মহত্যা কৰিব নোৱাৰে। আত্মহত্যা কৰিবলগীয়া তেনে কোনো কাৰণ নাছিল। নিজৰ মাৰণাস্ত্ৰৰে আত্মহত্যা কৰাটো অসম্ভৱ বুলি কয় পুত্ৰই।


উল্লেখ্যে যে বাগৰী বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীৰ স'তে বিভিন্ন সময়ত বাক বিতণ্ডাত লিপ্ত হৈছিল বনকৰ্মীজন।পৰিয়ালৰ অভিযোগ বনাঞ্চলিক বিষয়াগৰাকীয়ে অশ্লীল বাক্যবাণ কৰিছিল প্ৰবীণ শইকীয়াক। ইপিনে অন্তিমবাৰ কথা পাতোঁতে মানসিক চাপত আছিল বুলি কয় পৰিয়ালৰ লোকে। ইপিনে সমগ্ৰ ঘটনাত ৰহস্য নিহিত থকাৰ সন্দেহ পৰিয়ালৰ।


মৃত প্ৰবীণ শইকীয়াৰ সতীৰ্থৰ ভাষ্য আৰু DFOৰ ভাষ্যত ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে। ঘটনাস্থলীত প্ৰত্যক্ষ কৰা বা প্ৰাপ্ত তথ্য সংবাদ মাধ্যমক অৱগত নকৰিবলৈ DFO ৰমেশ গগৈয়ে হেঁচা প্ৰয়োগ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৃত বনকৰ্মীজনৰ পুত্ৰই।


আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মতে ঘটনাটো আত্মহননৰ যদিও তদন্তৰ আওতালৈ অনা হৈছে সতীৰ্থ গৃহৰক্ষী জোৱান ক্ৰমে নাৰায়ণ দাস আৰু মিন্তু ডেকাৰাজাক।বনকৰ্মীকেইজনৰ মাৰণাস্ত্ৰ আৰু মোবাইল ফোন ইতিমধ্যে বাগৰী আৰক্ষীয়ে জব্দ কৰাৰ লগতে সতীৰ্থ গৃহৰক্ষী জোৱান দুজনক সোধা–পোছাৰ বাবে বাগৰি আৰক্ষী চকীলৈ অনা হৈছে।


ইফালে, মৃত প্ৰবীণ শইকীয়াক বিভাগীয় নীতি–নিয়ম অনুসৰি শ্ৰদ্ধা জনায় নগাঁৱলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাক উচিত তদন্তৰ দাবী পৰিয়ালৰ লোকৰ। উল্লেখ্যে যে বিগত আগষ্ট মাহতো বাগৰী বনাঞ্চলৰ অধীনৰ এটা বন শিবিৰত ৰহস্যজনকভাৱে ৱাহিদুৰ ৰহমান নামৰ এজন বনকৰ্মীৰ মৃতদেহ উদ্ধাৰ হৈছিল।

শেহতীয়া বাতৰি